পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূত নে ভ্ৰম।

মুক্তি।—সেই হে তেওঁক আমাৰ সংস্কাৰ-সমিতিৰ সভাপতি পাতি লৈছোঁহঁক। আমাৰ বাছনি বোধ কৰোঁ অযোগ্য পাত্ৰত পৰা নাই।

ধৰ্ম।—নিশ্চয় নাই পৰা; তেওঁতকৈ যোগ্যতৰ পাত্ৰ নাই বুলিবই লাগে।

ভূত।—বাৰু, থোঁৱা সেইবোৰ; এতিয়া আচল কথাত ধৰাহঁক।

মুক্তি।—এৰা, ধৰিব লাগে। পিচে, মেচাৰ্চ স্মিথ্ আৰু আহ্মদ নোলালহি যে? সিবিলাকৰ অনুপস্থিতিত আলোচনা হোৱাটো ভাল হব জানো?

ধৰ্ম।—তাকে তো গুণিছোঁ, সিবিলাক দুজনৰ অবিহনে আজিৰ আলোচ্য বিষয়ত ধৰাটো বাঞ্ছনীয় হব নে নহয়?

ভূত।—সমুলি অবাঞ্ছনীয়। কাৰণ, আমাৰ ভিন্-ভিন্ সমাজৰ প্ৰতিনিধি যিমান বেচিকৈ গোট খাব, সিমান বহুলকৈ আমাৰ আলোচনা আৰু সিদ্ধান্ত জন-সমাজত প্ৰচাৰিত হব। আৰু, তেহে আমাৰ উদ্দেশ্য সহজে সিজিব।

মুক্তি।—তদুপৰি, মই মন কৰিছোঁঁ, এতিয়ালৈকে সিবিলাক দুজন আমাৰ মতলৈ সম্পূৰ্ণে ঢাল খোৱা নাই। সিবিলাকৰ মনত ভুত-বিশ্বাস খুকুৰি এতিয়াও ৰৈছে।

ধৰ্ম।—ময়ো তাকে কওঁ। এতেকে, মোৰ মনেৰে আজিলৈ এই বৈঠকৰ আলোচনা স্থগিত ৰখা হ‌ওক।

ভূত।—নিতান্তই স্থগিত ৰাখিব লাগে। মোৰ মনেৰে অহা বৈঠক মিঃ ফুকনৰ ঘৰত অহা শনিবাৰে পাতিব লাগে। তেন্তে আজিলৈ ইমানতে এৰাই ভাল। বঁলা, ফুৰিবলৈকে যাওঁহক। (প্ৰস্থান)

অংকপাত।

৬৩