পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় পট।

(ভুতনাথৰ পঢ়া-কোঠা)

ভুতনাথ, মুক্তিনাথ আৰু ধৰ্ম্মেশ্বৰ।

মুক্তি।—ক'তা, মিঃ স্মিথ্‌, আৰু মিঃ আহ্মদ নোলালহি দেখোন!

ধৰ্ম্ম।—এৰা, ইমানপৰত ওলাবহি লাগিছিল। ওলাবহি, দুয়ো একেলগে আহিছে চাগৈ।

ভুত।—সেয়া, ইয়াকে বোলে দেশীলোকৰ সময়ৰক্ষণ বা Native punctuality!—আমাৰ কাৰ্য্যাৰম্ভণত সদায় এঘণ্টা-আদঘন্ট পলম আছেই। সেই হে আমি মুৰকত কাম সামৰিবগৈ নোৱাৰোঁ; আৰু সেই কাৰণেই আমি ইংৰাজৰ আৰ্হিৰে উধাবও নোৱাৰোঁহঁক।

ধৰ্ম্ম।—মিঃ বৰুৱাই ভাল মনত পেলাইদিছে। ইও এটা আমাৰ সংস্কাৰ কৰিব লগীয়া আচাৰ নহয় নে?

মুক্তি।—নিশ্চয়। ধৰিবলৈ গলে, ই আটাইতকৈ লাগতিয়াল কাম। এই উদ্দেশ্যেও সোনকালে এটা ব্যৱস্থা কৰা উচিত।

ভুত।—নিতান্ত উচিত। কিন্তু, এটা-এটাকৈ হে। কেইবাটাতো একে সময়তে হাত দিলে এটাও নিয়াৰিকৈ সমাধা হৈ নুঠে। সম্প্ৰতি হাতত যি বিষয়টো লৈছোঁহঁক তাকে সমাধা কৰি উঠোচোন। তাৰ পাচত আনবোৰ ধীৰে-শাঁতে এটা-এটাকৈ সমাধা কৰি গৈ থাকিমহঁক। সংস্কাৰ কৰিব লগীয়া আমাৰ সামাজিক বিষয় কিমান যে আছে!

ধৰ্ম্ম।—ধন্য! Thanks, বাস্তৱতে, মিঃ বৰুৱাৰ কথাবোৰ বৰ প্ৰাক্‌টিকাল।