সোণ ।—কিয়, তোমাৰ বৰকৈ ভয় লাগিছে নে কি? সিদিনা পিচে ভুতনাথ ভাইৰ আগত কি কৈছিলা?-ভুত বিশ্বাস নকৰোঁ বুলিছিলা নহয়? পিচে, তেওঁ এইবোৰ কথা শুনিলে কি বুলিব আমাক!
ফজল ।—যি বোলে বোলক। মনে নামানিলে কি কৰিম আমি! বলা, বলা ভাই, খৰকৈ খোজ দিয়া; চাপৰিটো এৰাই লওঁ এখোন, পাচেও অইন কথা।
সোণ ।—গৈ আছোঁ, গৈ থাকা। বৰকৈ বেগাবেগি কৰিলেও ভুতে আশৈ পায় একা।
ফজল ।—এ, ইফালে চালেও মৰোঁ, সিফালে চালেও ডৰোঁ! (নৈ-দাঁতিৰ ফালে জৰ জৰাই উঠা শবদ শুনি উচপ্ খাই উঠি) হেইটো! হৌটো! ঔ বুবাজী, খালেঔ! হৌটো ভুত পালেহি ঔ। ভাই, চাপি আহ; দুয়ো ধৰাধৰিকৈ যাওঁ।
সোণ ।—(ইকাষেদি শিয়াল এটা লৰ মৰি যোৱা দেখি ) ইটো নো কি আকৌ! ভাই ৰবি ৰবি। সৌ এটা ভুতে ছদ্মবেশ ধৰি ছলিবলৈ আহিছে আমাক!
ফুল ।—ৰৈছোঁ ভাই, ধৰ ভাই, মৰিলোঁ ভাই, কি কৰোঁ এতিয়া ভাই! বুবাজী, ক'ত আছ, বেগাই আহঔ!
সোণ ।—কৰিবলৈ উপায় আৰু কি আছে! কোনো মতে চাপৰিটোৰ মৰনৈৰ পাৰছোৱা এৰাই যাব পাৰিলেই হয়। আহ, লব ধৰোঁ ভাই, আন উপায় নাই আৰু। ধৰে, ধৰে, ধৰিলে উ!
( দুয়ো প্ৰাণকাতৰে লৰি প্ৰস্থান)