সোণেশ্বৰ।—ঠিক কৈছা ভাই। মই কওঁ কওঁ কৰোঁতেই তুমি কৈয়ে পেলালাঁ। সঁচাকৈয়ে গাটো দেখোন কেনেবা কেনেবা লাগি আহে। তাতে আজি শনিবাৰ!
ফজল।—ভাই, কব পাৰা নে ইয়াৰ কাৰণ কি?
সোণেশ্বৰ।—নেজানা নে এই ডোখৰ দিখৌ মৰনৈৰ পাৰ বুলি। ইয়াত ধনগুলৈ ফুৰে। তাহানি আৰিমত্ত ৰজাই পিতৃবধ পাপৰ ধন পেলাই দিয়াত নৈয়ে নিজৰ সুঁতিকে এৰিলে হেনো। এতিয়া সেই ধন সেই ভাগেই সৌ ছোৱা মৰনৈত পোত্ গৈ আছে। তাৰপৰাই ধনগুলৈ বুলি এবিধ ভূত ওলাই এই চাপৰিত চৰি ফুৰে।
ফজল।—পিচে, পিচে?
সোণ।—পিচে, এটা-দুটাকৈ তাকৰীয়া মানুহ ছেগত পালে সি ছল কৰে।
ফজল।—হঁচা নে? কেনেকুৱাকৈ ছল কৰে?
সোণ।—বলাই-ঘটাই নি সি সেই পোত্ গৈ থকা ধনৰ তলতে মানুহ পুতি মাৰেগৈ।
ফজল।—ছেগ নো আকৌ কি?
সোণ।—ছেগ হৈছে,—শনিবাৰ, মঙ্গলবাৰ, মুনিচুনি বেলিকা, পুৱঁতী-নিশা,ভৰ-দুপৰীয়া এইবোৰই।
ফজল।—(চঁক খাই উঠি) পিচে, আজি আৰু এতিয়াচোন আচলটো ছেগেই।
সোণ।—এৰা, আচল দুটাই তো৷ আজি শনিবাৰ আৰু এতিয়া মুনিচুনি বেলিকা। এনে বেলিকাতে ভুত চৰিবলৈ ওলায়।
ফজল।—পিচে, পিচে, কি কৰা যায় তেন্তে এতিয়া!
সোণ।—কি কৰা যাব; বেগাবেগিকৈ ঘৰলৈ যাওঁগৈহঁক।
ফজল।—বলাঁঁ, বলাঁঁ ভাই, পলম নকৰোঁঁ আৰু, বলাঁঁ।