পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২৫
ভূত নে ভ্ৰম।

পোহাৰী।—এ আই, হয় যে নহয়। সঁচা, সেইটো সৌ গছৰ হে ছাঁ, ভুত নহয়। (পাচি মূৰত তুলি লয়)।

ভুতনাথ।—আহ বাৰু এতিয়া, ময়ো হাটলৈকে আহিছোঁ; বল, বাটে বাটে তোক ভুত আৰু ভ্ৰমৰ কথা ভাঙ্গি কৈ গৈ থাকোঁ।

(দুইৰো প্ৰস্থান)


দ্বিতীয় পট।
(মৰনৈ মৰিদিখৌৰ মঠাউৰি)

ফজলুৰ আৰু সোণেশ্বৰ।
(মুনিচুনি বেলিকা)

সোণেশ্বৰ।—শুনিছানে ভাই, ইয়াত ফুৰিবলৈ বৰ ভাল; নহয় নে বাৰু?

ফজল।—হঁচা ভাই, চাপৰিটো যেনে মুকলি আৰু ফৰকাল, মনো তেনে মুকলি আৰু ফৰকাল লাগি যায়।

সোণেশ্বৰ।—আহা, কেনে যে ৰিব্‌ৰিব্‌কৈ বতাহ বলিছে। গা শাঁত লাগি গৈছে। ইয়াৰপৰা যেন নেযামেই।

ফজল।—এৰা, হুখটোলৈ চাই ইয়াতে হদায় থাকিবলৈকে মন যায়। পিচে, ঠাইখন হে ভাল নহয়, বৰ জয়াৰ। সন্ধিয়াৰ পাচত এই চাপৰিয়ে মনত অইন ভাব হে ওপজায়। তেতিয়া দেখোন গা-মন লৰিবলৈ ধৰে!