মোৰ কুটুম, মোৰ ঈম্পৰ, নেৰিবি নেৰিবি মোক, অকলে
নেৰিবিঐ। জীয়া-ভূতৰ মুখত পেলাই নেযাবি এৰি মোক ঔ!
গৰখীয়া। — কেনে পাইছ? মুখেৰে মৰিবলৈ বিচৰা মানুহজনীৰ দেখোন এতিয়া জীবলৈ কাওঁবাওঁ? -ধৰ, হেৰ ভুত, ধৰ, বুঢ়ীক ধৰ, খা!
(গৰখীয়া ভিৰাই ধৰি লৰ মাৰে; পাচি এৰি পিচে পিচে পোহাৰী ঢপলিয়াই প্ৰস্থান)
(ভুতনাথৰ প্ৰৱেশ)
ভুতনাথ। — কাৰ পাচি এইটো? কোনে এৰি গল এই মাজ বাটত? আইঐ দেহি, কোনোবা পোহাৰীয়ে হাটত বেহাবলৈ এইবোৰ কিবাকিবি আনিছিল।
পোহাৰী। — (ঘুৰি আহি ভুমুকিয়াই) হেৰা, কোন্ তুমি দৌতা, ৰবাঁ তাতে অখন্তক ৰবাঁ, পাচিটো আনি লওঁ দেও হে।
ভূত। — চাপি আহচোন বাৰু। কিনো হৈছিল, কচোন।
পোহাৰী। — (ভয়ে ভয়ে চাপি গৈ গছৰ লৰি থকা ঠাল পাতৰ ছঁয়ালৈ আঙ্গুলিয়াই) সেয়া নেদেখিছাঁ, মোক ধৰিবলৈ ভূতটোৱে কেনেকৈ চিপিয়াইছে! ঔ আই! (কঁপিবলৈ ধৰে)।
ভূতনাথ। — ক’ত, কোনটো?
পোহাৰী। — সেইটো নহয় (পৰি থকা ছাঁটো দেখুৱায়)।
ভুতনাথ। — সেইটোচোন সৌ গছজোপাৰ ছাঁ। বতাহত তাৰ আগ লৰিছে দেখি মাটিত তাৰ ছাঁটোও লৰিছে।
পোহাৰী। — ইঃ গছ লৰিছে ওপৰত; ভূতে মোক ধৰিবলৈ চিপিয়াইছে তলত। সৌৱা, ভালকৈ তং কৰি চোৱাচোন।
ভূতনাথ। — (নিজৰ হাতখন লৰাই তাৰ ছাঁটো দেখুৱাই) চা বাৰু, মোৰ হাতখন লৰোৱাৰ লগে লগে তাৰ ছাঁটোও লৰিছে নে নাই।