পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২৩
ভূত নে ভ্ৰম।

পোহাৰী।— এ, কেলেই নো পেংলায় কৰ বুপাই। তই-মই মাতিলেই নো যম ওলাবহি নে?

গৰখীয়া।— ওঁ, ওলাবহি তো। এতিয়াই ওলাবহি পাৰে। আকৌ মাতিম জানো?— মাতোঁ?

পোহাৰী।— এঃ বাকলি, ৰবিচোন, বতাহজাক বলিছে, খন্তেক জুৰ লওঁ। জহত জীৱটো চট্‌ফটাব লাগিছে।

গৰখীয়া। — যম মাতিছ যদি, জিৰাব লাগিছে আকৌ কিয়? জহতে জীৱনো যায় যদি যাওক। —ভালেই হে।

পোহাৰী।— যা, তেহলেই যা বাকলি, কেপ্‌কেপাই নেথাকিবি এইখনত।

গৰখীয়া।— কিয়, যম মাতিছিলি নহয়? নেলাগে জানো? মৰিবলৈ ভয় লাগিছে হবলা?

পোহাৰী।— কিমান নো ৰেপি থাক আৰু। বোলোঁ, যি মৰিবলৈ ওলায় তালৈ যম নাই। আমাৰ নিচিনা দুখুনীক মাৰি নিলেচোন ৰইখাকে পাওঁ।

গৰখীয়া।— যম নাহে যদি, ভূতকে মাতোঁ তেনেহলে? —মাতিম নে?

পোহাৰী।— এইপাটক আকৌ পালে কিহে! ঘেকেটি খোৱাৰ পো, আঁতৰি নাযাৱ কিয়? ইয়াক মাতিছিল বা কোনে ইয়ালৈ।

গৰখীয়া।— বাৰু, যাওঁ আঁতৰি। থাক অকলে তই। (আলিকাষৰ গছ জোপাৰ ডাল-পাত বতাহত লৰাৰ লগে লগে মাটিত লাগি থকা তাৰ ছঁয়াটো লৰচৰ হোৱালৈ আঙ্গুলিয়াই) ঔ আই। সৌটো কি ভূতঔ! ছঁয়াতে ময়াপী হৈ কেনেকৈ ধৰিবলৈ চিপিয়াইছে।

পোহাৰী।— (আছাৰ খাই আঁতৰি পৰি) ঔ, হয়ো কি নহয়ঔ! ধৰেঔ। খায়ঔ! নাযাবি, নাযাবিঔ? মোক অকলে এৰি নাযাবিঔ।