পৃষ্ঠা:ভূত নে ভ্ৰম.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২। অঙ্ক।

প্ৰথম পট।
হাটলৈ যোৱা ৰাজহাট।
(পোহাৰী আৰু গৰখীয়া।)

পোহাৰী। — (মূৰত শাক-পাচলিৰ পাচি এটাৰে সৈতে) কিনো ৰ’দ বুপাঔ। গা গোটেই পুৰি-ডেই নিছে! নোৱাৰি আৰু! যাওঁ, সৌ ছাতে বহি অখন্তক জিৰাই লওঁ। কণা-বিধাই মাৰিও নিনিয়ে!

(মূৰৰ পাচি নমাই আলিকাষৰ গছৰ ছাঁত বঁহেগৈ।)

গৰখীয়া।— (প্ৰৱেশ) অ, পোহাৰী বাই! বেহাবলৈ নো পাচিত কি আনিছা?

পোহাৰী।— এ, কি পাম, কি আনিম, বুপাই! বাঁৰী-দুখুনী মানুহ, পৰৰ এৰা-বাৰীৰপৰা বুটলি আনিছেোঁ সেয়া কচু-ঢেঁকিয়া টেঙ্গা-টুকুচা কিবাকিবি। ইয়াকে নসলালে আমাৰ জীৱনেই নৰয় নহয়! এনেকৈ লেলাত ভুঞ্জিবলৈকে জীয়াই আছোঁ! আমালৈ যমো নাই নহয়, বুপাই!

গৰখীয়া।— কি! যম লাগে নে কি? মাতিম নে? —ঔ যমদূত, আহঔ, বুঢ়ী বাইক নেহি!