পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভীষ্মৰ শৰ-শয্যা

প্রথম অঙ্ক

প্রথম দৃশ়্য

ৰাজসভা

[দুৰ্য্যোধন, অশ্বত্থামা, ভীষ্ম, আৰু ৰজাসকল ]

দুৰ্য্যোধন— সেনাপতি ! সকলো শুনিছাই নহয়, কাইলৈ পুৱাতে
যুদ্ধ আৰম্ভ হব লাগে।
দূত- মহাৰাজ ! ৰাজদুৱাৰত শ্ৰীকৃষ্ণ আৰু অৰ্জ্জুন ৰৈ আছে,
ৰাজসভালৈ আহিবলৈ অনুমতি বিচাৰিছে।
দুর্য্যোধন– যা দূত, বেগেতে মাতি আন। (দূতৰ প্ৰস্থান )
বোধকৰোঁ যুদ্ধ কৰিবলৈ ভয় কৰি সন্ধিৰ প্ৰস্তাৱ লৈ
আহিছে। বাৰু দেখা যাওক। ( শ্রীকৃষ্ণ আৰু অৰ্জ্জুনৰ
প্ৰবেশ, সকলোৱে উঠি সম্বৰ্দ্ধনা জনায় আৰু বহিবলৈ আসন
আগবঢ়ায়। ) তোমালোক দুজন অসময়ত ইয়৷লৈ কিয়
আহিলা। মই জানিবৰ বাবে বৰ ব্যস্ত হৈছোঁ। পাণ্ডৱক
ৰাজ্যৰ ভাগ নিদিওঁ বুলি যুদ্ধ কৰিবলৈ স্থিৰ কৰিছোঁ।
যুধিষ্ঠিৰে কি কৈছে?