পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য ]
৪১
ভীষ্মৰ শৰ-শয্য।
ভৰি-পথানত বহি কোনে কোমল হাতেৰে মোৰ ভৰি
মোহাৰি মোৰ গোটেই গা শাঁত কৰি দিছা? সকলো
যাতনা গুচাই দিছা—কোন তুমি?
শ্ৰীকৃষ্ণ— পিতামহ! সকলোকে চাই ললা, মই কি অপৰাধ
কৰিলো যে মোক চাবলৈকো নিবিচাৰিলা?
ভীষ্ম – কৃষ্ণ! তুমি! তোমাক যে হৃদয়ত সুমাই দিনে-ৰাতিয়ে
চাই আছো। তুমি বাহিৰলৈ কেনেকৈ আহিলা? মই
তোমাৰ প্ৰতিজ্ঞা ভঙ্গ কৰালো বুলি খঙ্গ কৰি তুমি
বাহিৰৰপৰা দেখা দিছা! কৃষ্ণ, হাতত ধৰা, গোটেই জীৱন
যুদ্ধত ক্লান্ত হৈছে। ধৰা, তোমাৰ নামৰ ওপৰতে বিশ্ৰাম
কৰো। নহয়, নেলাগে তুমি যে বাহিৰে ভিতৰে, গছ-
লতা সকলোতে, পৃথিবীৰ সকলো অণু-পৰমাণুতে—
তুমি, জলে, স্থলে অইন কি শৰৰ মুখতো তুমি।
বাসুদেৱ, শৰ-শয্যাত উত্তৰায়ণ নোহোৱালৈকে যেন
মই পৰি থাকিবলৈ শক্তি পাওঁ।
শ্ৰীকৃষ্ণ – তোমাৰ ইচ্ছা পূৰ্ণ হওক।
ভীষ্ম — বিপৰীতেষু কালেষু পৰিক্ষীণেষু বন্ধুষু। ত্ৰাহিমাং কৃপয়া
কৃষ্ণ শৰণাগত বৎসল॥

-যৱনিকা—