পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য ]
৩৯
ভীষ্মৰ শৰ-শয্যা।
দুৰ্য্যো— পিতামহ ! এইয়া পানী আনিছো খাওক ।
ভীষ্ম— দুর্য্যোধন! তুমি মোৰ অৱস্থা বুজিব পৰা নাই । মোৰ
মোৰ জীৱন আৰু ইহলোকৰ জীৱন নহয়। যি পানীয়ে
তোমালোকৰ পিয়াহ গুচায় সেই পানীয়ে মোৰ পিয়াহ
গুচাব নোৱাৰে ৷ মই শৰ-শয্যাত শুই মনুষ্যলোকৰপৰা
আঁতৰি আছোঁ। ধনঞ্জয়, ধনঞ্জয় মোৰ পিয়াহ গুচুৱা ।
[ অৰ্জ্জুনে পৃথিবীলৈ শৰ মাৰে আৰু পাতালৰপৰ৷ পানী

ওলাই ভীষ্মৰ মুখত পৰে ]

অর্জ্জুন— পিতামহ ! পাতালৰ ভোগৱতীৰ পানীৰে এইয়া
তৰ্পণ কৰিছোঁ।
ভীষ্ম— আহ ! কি তৃপ্তি ! দুৰ্য্যোধন, চোৱা আৰু ৰজাসকল,
সকলোৱে চাওক। এই অর্জ্জুনৰ আচৰিত শক্তি। মোৰ
শেষ অনুৰোধ শুনা, তোমালোকে ধনঞ্জয়ৰ লগত যুদ্ধ
নকৰি সন্ধি কৰা আৰু অৰ্দ্ধ ৰাজ্য পাণ্ডৱক প্ৰত্যৰ্পণ কৰা ।
দুৰ্য্যে।—— আপুনি যেতিয়া উপযুক্ত সেৱক পাইছে, অনুমতি দিয়ক
আমি শিবিৰলৈ গৈ বিশ্ৰাম কৰোগৈ ।
ভীষ্ম – যোৱা বাৰু। ভাৰি-পথানত কোন ?
কর্ণ— যাক আপুনি সদায় দ্বেষ কৰে, যি আপোনাৰ চকুৰ শূল
সিয়েই মই ৰাধাসুত কৰ্ণ ।
ভীষ্ম – ভৰি-পথানত নহয়, মোৰ বুকুৰ ওচৰলৈ আহঁ৷৷ শুনা কৰ্ণ,
শুনা মোৰ প্ৰাণৰ কথা- শুনা, মই তোমাক কেতিয়াও দ্বেষ
কৰা নাই । কুৰু-পাণ্ডৱক যেনেকৈ ভাল পাওঁ তোমাকো