পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় দৃশ্য

শৰ-শয্যাত ভীষ্ম।

[ যুধিষ্টিৰ, দুৰ্য্যোধন, কৰ্ণ, শ্রীকৃষ্ণ আদি ]

ভীষ্ম— বীৰসকল, আহঁ৷ তোমালোকক দেখি বৰ সন্তোষ পালে৷
মোৰ হাত-ভৰি সকলো অৱশ, পৃথিবীৰে সৈতে সি থৈছে-
দাঙ্গিব নোৱাৰো। মোৰ মূৰটো ওলমি আছে,
তোমালোকৰ মুখ ভালকৈ দেখা নাই। মূৰটো দাঙ্গি
থবৰ কিবা এটা দিহা কৰিব নোৱাৰা নে ?
( দুৰ্য্যোধনে তৎক্ষণাত এটা গাৰু আনে
নহয়—এই গাৰু এই শয্যাৰ উপযোগী নহয় । ধনঞ্জয় !
ধনঞ্জয় !
অৰ্জ্জুন—— এইয়া দাস ইয়াতে আছে, কি কৰিব লাগে আদেশ
কৰক ।
ভীষ্ম— মূৰটে। ওলমি আছে অলপ দাঙ্গি ৰাখিব পাৰিবানে ?
[ অৰ্জ্জুনে শৰ মাৰি মূৰটো দাঙ্গি দিয়ে ]
এৰা, এইহে উপযুক্ত উপাধান । শুনা ধনঞ্জয় ! আজি যদি
মোক তুমি উপযুক্ত উপাধান দিব নোৱাৰিলা হেতেন মই
তোমাক শাপ দিলোহেঁতেন! শিখণ্ডীৰ গাৰ আঁৰৰপৰা
তুমি যি চোকা শৰ মোৰ গালৈ মাৰিছিল৷ সেই বিলাকে
মোৰ গোটেই শৰীৰ দগ্ধ কৰি বৰ যাতনা দিছে, মুখ
শুকাই গৈছে—বৰ পিয়াহ লাগিছে।
[ দুৰ্য্যোধনে সোণৰ পাত্ৰত পানী আনে ]