এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ অঙ্ক
প্ৰথম দৃশ্য
শিবিৰৰ দাঁতি
[ দুটা সৈন্য ]
১ম সৈন্য—কিহে বান্ধ! জীয়াই আছা দেখোন!
২য় সৈন্য— ঈশ্বৰে ৰাখিছে দেও। ভাগ্যে যেনিব৷ মোক যুঁজলৈ
নপথিয়াই শিবিৰ ৰখীয়াৰ লগত থৈছে, সেইবাবে দেখিবলৈ
পাইছাঁ।
১ম—মোকো দেও যুজ কৰিবলৈ নপথিয়াই ঘোৰা-শালতহে
চকিদাৰ কৰি ৰাখিছে। এনে মনটোত থাকিল দেও
দুটামান পচলা কটাদি কাটিবলৈ নেপালোঁ।
২য়—বৰ দুখ পাইছা নহয় নে? পিচে খবৰ শুনিছা জানো
যুজ হবৰ আজি ন দিন হ’ল? কিমান পাৰ হৈছে
জানানে?
১ম—জানিবা কি? বাৰু তুমি চোৱাঁচোন, মই জানোতে
ঘোঁৰা কমিহে গৈছে। এইদৰে হলে আৰু কেইদিনমানৰ
ভিতৰতে ঘোঁৰা নাইকিয়াই হব।
২য়-- পুৱাৰপৰা ৰাতিলৈকে দেও চেদভেদ নাই; শৰ যেনিবা বৰষুণ
পৰাদিহে পৰিছে। চিঞৰ-বাখৰ, ধৰমাৰ তেনেই
কোঢ়াল। তেজেৰে নৈ বোৱাদি বৈছে দেও ঐ।