পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য ]
[ ৩৩
ভীষ্মৰ শৰ-শয্য।
ভীষ্ম – কোন তুমি ? কৃষ্ণ! তুমি! বাসুদেৱ ! কিয় আহিছা ?
কৃষ্ণ— লোভতহে আহিছোঁ পিতামহ ! পাণ্ডৱসকলে তোমাৰ
পাঁচ পাহ আশীৰ্ব্বাদৰ ফুল উপহাৰ পালে, মই কি
একোকে নেপাওঁ, মই তোমাৰ কোনো নহওঁনে?
ভীষ্ম- তুমি যে মোৰ সৰ্ব্বস্ব, তুমি মোৰ সত্যধৰ্ম্ম। মোৰ মান-
অপমান, জয়-পৰাজয় সকলো তুমি । তেন্তে শৰ নিলে
কোনে ?
কৃষ্ণ – ধনঞ্জয়ে ।
ভীষ্ম – মোৰ প্ৰতিজ্ঞা ভঙ্গ কৰাল৷? জীৱনত মাত্ৰ এয়েহে মোৰ
প্রথম প্রতিজ্ঞা ভঙ্গ হল । নাম গ'ল ! লগে লগে জীৱনো
যাব! হে চক্ৰী ! মোৰ প্ৰতিজ্ঞা বিফল কৰাল৷ কিয় ? ইমান
দিন হৃদয়ত চৰণ চিন্তি থকাৰ ফল এয়ে হ’লনে কি ?
তেনেহলে শুনা, কাইলৈ যুদ্ধক্ষেত্ৰত দেৱতা, গন্ধৰ্ব্ব সকলোৰে
সাক্ষাতে তোমাৰে৷ প্ৰতিজ্ঞা ভঙ্গ কৰিম । যোৱা, নীৰলে
পাইছোঁ, মোৰ প্ৰণাম লৈ যোৱা ৷
কৃষ্ণ – মইয়ো সত্যব্রত ভীষ্মৰ চৰণত প্রণাম জনাওঁ ৷