পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্রথম দৃশ্য
২৯
ভীষ্মৰ শৰ-শয্যা।

 যুদ্ধ কৰেহি তেনেহলে মই তৎক্ষণাৎ অস্ত্র ত্যাগ কৰিম।
যোৱা, যাতে সি মোৰ সমুখলৈ আহিব নোৱাৰে তাৰ
ব্যৱস্থা কৰাগৈ ।

দুৰ্য্যে!—তাৰ বাবে আপুনি কোনো চিন্তা নকৰিব। শিখণ্ডীক
বাধা দিব নোৱাৰিলে মৃত্যুয়েই শ্রেয়।







দ্বিতীয় দৃশ্য


শিবিৰ


[ শকুনিৰ প্রবেশ ]


দুঃশা--মোমাই ! আজি আৰু টোপনি নাহে।

শকু – আজি ৰাতিটো কোনোমতে কটোৱা । পাণ্ডৱ নিধনৰ যি
হয় কৰা যাব।

দুঃশা—ভীমৰ প্ৰতিজ্ঞা পৃথিবী উলটিলেও প্রতিজ্ঞাৰ লৰচৰ
নহয়৷ মোমাই। ভীমে মোৰ বুকু চিৰি তেজ পিব
খুজিছিল, এই কথাটো মনত পৰিলে বুকুত ধান
বনাদি বানে। কাইলৈ তাৰহে তেজ পিম।

[ কৰ্ণৰ প্ৰবেশ ]


কর্ণ—এতিয়াও আনন্দ কৰিবৰ সময় হোৱা নাই।

দুঃশা—পিতামহৰ প্রতিজ্ঞা অথলে যাবনে কি?

[ দুৰ্য্যোধনৰ প্ৰবেশ ]