পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
[ তৃতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্যা।

 আপোনাৰ কঠোৰ বাক্যৰপৰাই সেই বন্ধুৰ সহায়ৰপৰা
মই বঞ্চিত হৈছোঁ। যদি পাণ্ডৱক অজেয় বুলি ভাবে তেন্তে
আপুনি অস্ত্ৰ ত্যাগ কৰক ৷ পাণ্ডব যদি নমৰেই তেন্তে
দিনে দিনে ইমানবোৰ অগণন সৈন্য বধ কৰাৰ প্ৰয়োজন কি ?

ভীষ্ম—মই মোৰ নিজৰ জীৱনলৈ মায়৷ এৰি তোমাৰ হৈ যুদ্ধ
কৰিছোঁ; তথাপি তুমি মোক এনে টান কথা কোৱা।
তোমাৰ হিতাহিত জ্ঞান ৰহিত হৈছে।

দুৰ্য্যো—মই পাণ্ডৱ বিলাকক আজিও জীয়াই থকা দেখি বৰ
ব্যাকুল হৈহে কৈছোঁ। যদি পাণ্ডৱ বধ আপোনাৰ সাধ্যৰ
অতীত তেন্তে কর্ণক কওঁক, তেওঁ পাণ্ডৱক সমূলে বিনাশ
কৰিব।

[ ইফাল সিফাল কৰি কৰ্ণক লুকাই থকা দেখা পায় ]

কৰ্ণ—যোৱা মহাৰাজ, শিবিৰলৈ যোৱা, শোৱাগৈ ।

দুৰ্য্যে।—শুম।

ভীষ্ম—কাইলৈ মহাযুদ্ধ হব। নাই মই মৰিম, নাই পাণ্ডৱ মৰিব ৷

দুৰ্য্যে। – পিতামহ ! মই সাৰে আছোঁনে নাই ঘোৰ টোপনিত
স্বপ্ন দেখিছোঁ! মই থিৰেৰে থাকিব পৰা নাই।

ভীষ্ম—যদি নমৰে৷ [ তূনৰপৰা কাঁড় উলিয়াই ] তেনেহলে
চোৱাঁ দুৰ্য্যোধন! এই পাঁচ পাত শৰেৰেই মই প্ৰতিজ্ঞ।
কৰি কৈছে। পাণ্ডবক বধ কৰিম ৷

দুৰ্য্যো——টান কথা কলো পিতামহ ! ক্ষমা কৰিব ।

ভীষ্ম— আৰু শুনা, যদি কেনেবাকৈ শিখণ্ডী আহি মোৰ লগত