পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় অঙ্ক।


প্রথম দৃশ্য।




ভীষ্ম——( স্বগতঃ ) ক্ষত্রিয় ধৰ্ম্ম ধিক। পুৱাৰ লগে লগে যি গুৰুত্ব
জয় উচ্চাৰণ কৰি শয্যা ত্যাগ কৰিব লাগে সেই গুৰুক
ক্ষত্ৰিয় ধৰ্ম্ম অনুসৰি পৰাজয় স্বীকাৰ কৰাৰ উপায় উদ্ভৱ::
হৈছে। দেৱৰ্ষি নাৰদৰ আদেশ সগর্ব্বে হাঁহি হাঁহি ত্যাগ
কৰিলে। মই সেই দেৱৰ্ষিৰ আদেশ ৰক্ষা কৰিব
নোৱাৰিলোঁ ৷ তাৰ ফলত আজি মোৰ এই দশা। সেই
ৰামজয়ী ক্ষত্রিয় মই বুঢ়া কালত পৰান্নভোজীৰ হীনতাত
মই মোৰ বাচাহঁতেৰে সৈতে যুদ্ধ কৰিব লগীয়া হৈছে !
প্ৰাণ ব্যাকুল হৈছে ।

[ দুৰ্য্যোধনৰ প্ৰবেশ ]


দুৰ্য্যো-পিতামহ ।

ভীষ্ম —মহাৰাজ, অসময়ত কিয় ?

দুৰ্য্যো—পিতামহ, মই এটা কঠোৰ কথা কবলৈহে আহিছে।

ভীষ্ম—সকলে৷ শুনিবৰ নিমিত্তে প্রস্তুত আছো, কোৱা ?

দুৰ্য্যো—আপুনি পাণ্ডৱৰ লগত মৰমেৰে যুদ্ধ কৰিছে। আপুনি
সিহঁতক বধ কৰিব নোৱাৰে ।

ভীষ্ম—মই বাৰে বাৰে কৈ আহিছোঁ যে পাণ্ডৱ অজেয় ।

দুৰ্য্যো—অজেয় বুলি যদি জানিছিল প্রতিজ্ঞা কৰিছিল কিয় ?
আপোনাৰপৰাই মোৰ বন্ধু কৰ্ণই অস্ত্র ত্যাগ কৰিলে !