পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
[ দ্বিতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্যা।

 পৰাস্ত কৰিব নোৱাৰে । কাইলৈ যেনেকৈয়ে হওক
তেওঁক অস্ত্ৰ নধৰা কৰিবই লাগিব ৷ শিখণ্ডীৰ জন্ম-বৃত্তান্ত
তুমি বেচ জানা। কাইলৈ যেনে উপায়েৰেই হওক
ভীষ্মৰ আগত শিখণ্ডীক থিয় কৰাবই লাগিব। তাক
দেখা মাত্রকে ভীষ্মই আৰু অস্ত্ৰ নধৰে। আৰু এটা
কথা, দুৰ্য্যোধনে তোমাক এটা বৰ দিব খুজিছিল মনত
আছেনে ?

অৰ্জ্জুন—যেতিয়া গন্ধৰ্ব্ব যুদ্ধত গন্ধৰ্ব্বসকলক পৰাস্ত কৰি কুৰু
স্ত্ৰীবিলাকক ৰক্ষা কৰে৷ সেইদিনা বৰ দিব খুজিছিল । মই
তেতিয়া কলোঁ যে আৱশ্যক হলে পিচত লম ।

কৃষ্ণ – এতিয়া সেই বৰ লবৰ সময় হৈছে।

অৰ্জ্জুন – দুৰ্য্যোধনৰ ওচৰত ভিক্ষা কৰিম?

কৃষ্ণ- অর্জুন ! সেই ৰাজসভাত পাঞ্চালীৰ অপমানৰ কথা
আৰু ভীমৰ প্ৰতিজ্ঞাৰ কথা মনত পেলোৱা ।

অৰ্জ্জুন—কি কৰিব লাগিব, কি বৰ লব লাগিব ?

কৃষ্ণ – তোমালোকৰ মৃত্যুৰ নিমিত্তে যি কেইপাত শৰ আছে
কৌশলেৰে সেই পাঁচ পাত শৰ আনিব লাগিব। কি
কৌশল কৰিব লাগিব, বাটে বাটে কৈ যাওঁ বলা।

অৰ্জ্জুন—তুমি যি ভাল দেখা তাকে কৰিম ৷