পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য ]
১৯
ভীষ্মৰ শৰ-শয্যা।

দুৰ্য্যো—অকল মোৰে নহয় পিতামহ ! অঙ্গৰাজৰে৷ মনত এই
 সন্দেহ হৈছে।

ভীষ্ম—দুৰ্য্যোধন! তুমি এই নীহ কুল সূত-পুত্ৰৰ কথাতে হঠাৎ
 উত্তেজিত হোৱাটে৷ শোভা নেপায়।

কর্ণ—পিতামহ ! আপুনি মোক যতে ততে জাতত ধৰি
 তিৰস্কাৰ কৰে ৷ সেইটে৷ আপোনাৰ বৰ অন্যায়। মোৰ
 জাত যিয়েই নহওক লাগে মই স্বধৰ্ম্ম পৰিত্যাগ কৰা
 নাই। মই জাতৰ গৰ্ব্ব নকৰি বীৰত্বৰ হে গৰ্ব্ব কৰোঁ।
 ম‍ই দুৰ্য্যোধনৰ পৰম হিতৈষী বুলিহে এনে অপমান সহি
 আছোঁ।

দুৰ্য্যো—বাৰু যুধিষ্ঠিৰ কিয় আহিছিল ?

ভীষ্ম – যুধিষ্ঠিৰ ধাৰ্ম্মিক লোক, মই গুৰুজন বুলি ভাবি ধৰ্ম্মনীতি
 অনুসৰি এই যুদ্ধৰ নিমিত্তে মোৰ অনুমতি লবলৈ
 আহিছিল।

 দুৰ্য্যো—আপুনি' এতিয়া সেনাপতি, ৰজাৰ মঙ্গলৰ নিমিত্তে
 আপোনাক প্রশ্ন কৰিবৰ মোৰ অধিকাৰ আছে।

ভীষ্ম – অকল প্রশ্ন কিয় কুৰুৰাজ ? মোৰ ওপৰত হুকুম চলাবৰ
 তোমাৰ অধিকাৰ আছে ।

দুৰ্য্যো—বাৰু আপুনি কিমান দিনত পাণ্ডৱ সৈন্য সংহাৰ কৰিব
 পাৰিব ?

ভীষ্ম—মই বুঢ়া, তথাপি যদি নমৰো তেন্তে এমাহৰ ভিতৰত
 সসৈন্যে পাণ্ডৱক নির্মূল কৰিম।