আপুনি বৃদ্ধ, বিজ্ঞ, আৰু ৰণকৌশল জনা শ্ৰেষ্ঠ বীৰ
আপুনি আমাক জয়ৰ আশীর্ব্বাদ দিয়ক। এনে কথা
কওঁক, যি কথা মনত পৰিলে এই যুদ্ধত আমাৰ জয় হয়।
ভীষ্ম –কৃষ্ণ ! ঋষি-মুনিসকলৰ মুখত শুনিছো—য’তে কৃষ্ণ
ত’তে ধৰ্ম্ম। য’তে ধৰ্ম্ম ততে জয়।
জয়োহস্তু পাণ্ডু পুত্ৰাণাং যেষা পক্ষে জনাৰ্দ্দনঃ।
যতঃ কৃষ্ণ স্ততো ধৰ্ম্মঃ যতো ধৰ্ম্ম ততো জয়ঃ ॥
পাণ্ডু পুত্ৰসকল, তোমালোকৰ জয় কাৰে৷ আশীৰ্ব্বাদ
অপেক্ষা কৰি নেথাকে। ক্ষত্রিয় ধৰ্ম্ম অনুসাৰে মই
প্রাণপনে দুৰ্য্যোধনৰ ফলীয়া হৈ যুদ্ধ' কৰিম৷ সেই
ক্ষত্রিয় ধর্ম্ম অব্যাহতি ৰাখি আশীৰ্ব্বাদ কৰোঁ তোমা-
লোকৰ জয় হওক।
( প্রস্থান )
[ দুৰ্য্যোধন আৰু কৰ্ণৰ প্ৰবেশ ]
দুৰ্য্যো—পিতামহ, সেৱা গ্ৰহণ কৰক।
ভীষ্ম—ৰাতি পুৱাবলৈ আৰু বেচি সময় নাই হবলা । ভগৱানৰ
নাম স্মৰণ কৰি এই শুভক্ষণত যুদ্ধ আৰম্ভ কৰিবলৈ
সৈন্যসকলক আদেশ দিয়া ।
দুৰ্য্যো—ভাল, পিচে এটা কথাইহে মনত বব সন্দেহ ওপজাইছে৷
জানোছ! আপোনাৰ পাণ্ডবলৈ মৰম লাগি মোৰ হৈ
মনযোগেৰে, গাত লাগি যুদ্ধ নকৰে ?
ভীষ্ম – এনে সন্দেহ কিয় হৈছে দুৰ্য্যোধন?