ভীষ্ম—এইটো বৰ ডাঙৰ প্ৰশ্ন মোৰ! মোৰ এতিয়াও মৃত্যু!
কাল উপস্থিত হোৱা নাই। মই এই প্ৰশ্নৰ উত্তৰ
দিবলৈ অপাৰগ হৈছোঁ। জানি থবা, মোৰ হাতত অস্ত্ৰ
থাকিলে কোনেও মোক পৰাস্ত কৰিব নোৱাৰে। স্বয়ং
ইন্দ্ৰও মোৰ হাতত পৰাজয় হব।
কৃষ্ণ—প্ৰয়োজন নাই, উত্তৰ পোৱা গৈছে। ধৰ্ম্মৰাজ, পিতামহক
প্ৰণাম জনাই যুদ্ধ আয়োজন কৰকগৈ।
ভীষ্ম – শ্ৰীকৃষ্ণ তোমালোকৰ লগত আছে যেতিয়া জয় লাভৰ
নিমিত্তে ব্যাকুল হৈছা কিয়? যোৱা, তোমালোকে ধৰ্ম্ম-
মতে যুদ্ধ কৰাগৈ, আমাৰ সৈন্য মোৰ আদেশলৈ ৰৈ
আছে।
অৰ্জুন–পিতামহ, আপোনাৰ গালৈ কেনেকৈ শৰ মাৰিম?
ভীষ্ম- ক্ষত্ৰিয়ই ৰণক্ষেত্ৰত সকলো প্ৰতিদ্বন্দী বুলিয়েই জানে।
তেতিয়া আৰু তাত্ সকলো সম্পৰ্ক বিস্মৃত হয়। বাচা,
তুমি মোক সৰু কালত পিতা বুলিহে মাতিছিলা।
অনেক চেষ্টাৰেহে মই তোমাক ককা বুলিবলৈ শিকাই-
ছিলোঁ। সোণ, মইনো কেনেকৈ তোমাৰ গালৈ শৰ
মাৰিম? যোৱাঁ, এই মায়া-মোহৰ দ্বাৰা যেন ক্ষত্ৰিয়
ধৰ্ম্মৰপৰা বিচ্যুত নোহোৱাঁ।
যুধি—আদেশ কৰক, শ্ৰীচৰণত প্ৰণাম কৰি বিদায় লওঁ৷
ভীষ্ম—যোৱা বাচাহঁত।
কৃষ্ণ—পিতামহ, আমি যুদ্ধৰ আও-ভাও একো বুজি নেপাওঁ।
২-