কর্ণ—কি কথা আৰু বুজিবলৈ বাকী আছে। যুধিষ্ঠিৰে
ভাবিছিল যে যুদ্ধৰ ভয় দেখুৱাই ৰাজ্যৰ ভাগ লব। এতিয়া
দেখিলে যে সেই আশা মিছা, আমাৰ সৈন্য দেখি
ভয় খাই সন্ধি কৰিবলৈ আহিছে।
সকলোৱে – ঠিক ঠিক
দু:শা—আপোনালোক সকলোৱেই নিজ নিজ চাউনীলৈ যাওক।
কি ঘটন৷ পিচত জনা যাব।
কৰ্ণ—মোমাই, ওচৰত থাকিলে ভালকৈ গমপোৱা নেযাব।
বলা, অলপ আঁতৰৰপৰা কি কৰে চাওঁগৈ ৷
শকু – দুআষাৰমান কথা শুনাব লাগিব ।
কর্ণ-বাৰু সময় আছে।
( যুধিষ্ঠিৰ আদিৰ প্ৰবেশ )
অৰ্জ্জুন--( যুধিষ্টিৰলৈ চাই ) সকলো সৈন্য সাজু হৈ আছে আপুনি
হুকুম নিদিয়ে কিয়?
ভীম—দাদা! মোক আগেয়ে মাৰা, তাৰ পাচত যিহয় কৰা,
তোমাক আৰু এখোজে৷ আগবাঢ়িবলৈ নিদিওঁ তুমি কি
আমাৰ সকলো নষ্ট কৰিবা?—ৰাজ্য নষ্ট কৰিলা, মান নষ্ট
কৰিলা, আৰু কি বাকী আছে ? ৰাজসভাত, ৰাজসভাত
আনি দ্রৌপদীক অপমান কৰিলে তাতো তোমাৰ সন্তোষ
হোৱা নাইনে? যুদ্ধ কৰি ক্ষত্ৰিয়ৰ দৰে মৰিম। তাত
অগাভেট৷ কৰিছ৷ কিয় ? শত্ৰুৱে তোমাৰ আচৰণ দেখি
লাই পাইছে।