পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
[ দ্বিতীয় অঙ্ক
ভীষ্মৰ শৰ-শয্য।

দুঃশাসন—অঙ্গৰাজ ! এতিয়া যি হৈছে হৈছে। এতিয়া আৰু
 উৎপাতৰ কথা ভাবিধৰ সময় নাই। যাতে ককাইদেউৰ
 মঙ্গল হয় তাৰ নিমিত্তে চেষ্টা কৰা ।
কৰ্ণ – সেই বিষয়ে মোক একে। কব নেলাগে, মহাৰাজ দুৰ্য্যোধন
 মোৰ সখি। তেওঁৰ মঙ্গলেই মোৰ মঙ্গল। বুঢ়াই যি
 কেদিন পাৰে যুদ্ধ কৰক তাৰ পাছত মই আছো। অৰ্জ্জুনৰ
 মৃত্যুবাণ মোৰ হাতত আছে। ইন্দ্ৰক কবচ দি লৈ
 সাচি থৈছো অর্জুন মৰিলে আৰু কি পাণ্ডব সৈন্যই
 কুৰু সেনাৰ লগত যুজ কৰিব, কি কোৱা দুঃশাসন ?
দুঃশাসন— তেনেহলে আমাক কোনে পায়, শিয়ালে হোৱা
 দিয়ক ৰক্ত বৃষ্টি হওক, যিয়েই নহওক আমাৰ জয় অনিবাৰ্য্য।
কৰ্ণ – অৰ্জ্জুনক মাৰিব পাৰিলে বাকী কিটালৈ কোনো
 কথাই নাই।
শকুনি—অঙ্গৰাজ ! আচৰিত ঘটনা চোৱা ।
কৰ্ণ—কি মোমাই ?
শকুনি – উৎপাতৰ কাৰণ এতিয়াহে পালো।
কৰ্ণ—কি কাৰণ ?
শকুনি –সৌৱ৷ চোৱা, যুধিষ্ঠিৰে ৰথৰ পৰ৷ নামি খোজ কাঢ়ি
 এইফালে আহিছে।
দুঃশ৷—ওঁ মোমাই, কি কথা! ইমান দম্ভ কৰি অস্ত্ৰ শস্ত্ৰ এৰি
 আমাৰ ফালে আহিছে কিয় ? লগত ভীম-অৰ্জ্জুনো,
 পাচত কৃষ্ণও আহিছে, কি কথা অঙ্গৰাজ ?