পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃতীয় দৃশ্য]
ভীষ্মৰ শৰ-শয্যা
আটাইবোৰ সৰি পৰিল নহয়। কোনোৰ হাত ভাগিল,
কোনোৰ ভৰি ভাগিল, কোনোৰ নাক ভাগিল ৷ কিনো
নহল ঐ– বহুত দিন দৰব-জাতি দিহে ভাল হৈছে ।
আৰু পাই সিহঁতক এটা এটাকৈ ধৰি ধোপ খেলে। সৰুতেই
সিমান বল এতিয়া আৰু চাগৈ বেচিহে হৈছে !
১ম সেনা– থ পাই, এতিয়া হাবিত ফুৰি ফুৰি আৰু কি আছে ৷
থাকিলেও ইমানবোৰৰ আগত কি কৰিব, একো কৰিব
নোৱাৰে। আমাৰ সোপা জানো কম-কর্ণকে চাবা নে
দুঃশাসনকে চাবা—কাক চাবা? আৰু এটা কথা পাই
শুনিছনে সেই বুঢ়াবাপুৰ পিতেক ‘অশ্বত্থামাক সেনাপতি
ভাঙ্গি ভীষ্মক সেনাপতি পাতিছে। বুঢ়াক জানো কম
বুলিছা বুঢ়াই মোৰ মনেৰে অকলৈ এক নিমিষতে
সকলোকে দিহা লগাব — আমি চাই থাকোতেই যাব।
২য় সেনা – তই যি কৱ ক। মই হলে গতি ভাল দেখা নাই।
মোৰ হলে মনত হৈছে এইবাৰ আৰু আমাৰ ফালে আইধা।
সেই গুণেহে বোলো ছোৱালী জনীক মাতষাৰ লগাই
আহেঁ৷গৈ বুলিহে ওলাইছোঁ। আকৌ যে দেখিবলৈ পাম
তাৰ কি ঠিক ?
১ম সেনা— ইমান ভয় কৰি যুজ কৰিবি আৰু ।
২য় সেনা – হেৰ ভয় কৰা নাই — যুজলৈ ওলাইছ যেতিয়া, নাই
মৰিবি, নাই মাৰিবি। এতিয়া যেতিয়া জানিছো, এইবাৰ
ৰক্ষা পোৱা টান ; তেন্তে সকলোকে এবাৰ মাত লগাই