পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ প্রথম অঙ্ক
ভীষ্মৰ শৰ-শয্যা
১ম সেনা – পিচে ওলাব লাগিব । তই অকলে;ওলাবিনে কি?
আমি নোলাম জানো ? উধাতু খাইনো আকৌ কলৈ যাৱ ?
কি যুজ কৰিবি, আমাৰ ইমানবোৰ ৰণুৱা, পাণ্ডৱৰ ৰণুৱা
আমাৰ কাৰবাৰ মাজত হে এটা মানকৈ পৰিব হব পায়।
কি কৰিবি, তয়ে মাৰিবি নে ময়ে মাৰিম? সিয়েই মাৰিব ?
আটাইবোৰ মৰচেৰেলা, চুলেই পৰে যেন লাগে। মোৰ
হলে বোপাই একো ফুৰ্ত্তি লগা নাই ৷ অলপ শকত-আৱত
হলে তেও যুজ-খুন্দ৷ মাৰি ভাল লাগে ৷
২য় সেনা-- তোৰ ফুটনিয়েই সাৰ। মৰচেৰেল৷ দেখিছ হে,
হাতত তৰোৱাল ললে চেৰেল৷ হৈ নেথাকে। যদি
কেনেৱাকৈ ভীমটো ওলায়হি তেন্তে আৰু হলেই! কেনি
ক’ত কাক ওফৰাই তাৰ ঠিক নাই ।
১ম সেনা— এহ্ অ পায়, আমি হলে ভয় কৰা নাই৷ অকলে
হলে অলপ ভয় লাগে। লগেৰে হলে ভীম এটাহে নেলাগে
দহোটালৈকে। ভয় নকৰো নহয় ৷
২য় সেনা— তাহানিৰ কথা মনত নাই জানো ?
১ম সেন।— জা—নো বালক !
২য় সেনা— ভীমৰ কথা কওঁ শুন ৷ বনলৈ যোৱাৰ আগতে দেই,
যেতিয়া ভীম সেই ভীম সেই তোৰ মেমেৰাৰ সমান আছিল।
দুৰ্য্যোধনহঁতক কি কৰে কব পাৰনে? এদিন দুৰ্য্যোধন,
দুঃশাসন আদি গছৰ ওপৰত উঠিছিল। ভীম বোপাই গছৰ
গুৰিত ধৰি লৈ জোকাৰিবলৈ ধৰিলে। থল, থলকৈ