পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য ]
ভীষ্মৰ শৰ-শয্যা
ভীষ্ম – যদি পাণ্ডৱে মোক বধ কৰিব নোৱাৰে তেন্তে মই
পাণ্ডৱৰ ফালৰ দিনে দহ হেজাৰকৈ সৈন্য সংহাৰ কৰি শেষ
কৰিম--এয়ে মোৰ প্ৰতিজ্ঞা ।
দুৰ্য্যোধন— ভাল পিতামহ !
১ম ৰজা- ভাল, আপুনি দহ হেজাৰকৈয়ে মাৰিব, বাকীবোৰ
আমি দিহা লগাম।
দুৰ্য্যোধন— আমিও যিমান পাৰো। এইদৰে হলে আপুনি বেচি
দিন কষ্ট কৰিব নেলাগিব । অলপ দিনতে আমি নিশ্চিন্ত
হব পাৰিম।
ভীষ্ম— যোৱা, ৰণ ঘোষণা কৰি দিয়াগৈ। মই অকপটে প্রাণ
থাকে মানে তোম৷ৰ ফলীয়৷ হৈ তোমাৰ জয়ৰ কাৰণে যুদ্ধ
কৰিম ( দুৰ্য্যোধন আৰু ৰজাসকলৰ প্ৰস্থান ) ধন্য কৰ্ম্ম-
ভূমি! পাণ্ডৱহঁত মোৰ বাচাহঁত, তহঁতৰ বিৰুদ্ধে এই
বুঢ়া বয়সত অস্ত্ৰ ধৰিব লগা হল ! প্রভু ! বুঢ়াকালত ভাল
কামবোৰ কৰিবলৈকে জীয়াই ৰাখিছাঁ ।


তৃতীয় দৃশ্য

দুটা সেনা

১ম সেনা— হেৰ, বৰকৈ কোব লৈছ দেখোন, 'ফেঁটীসাপৰ মূৰছিঙা
যেন হে দেখিছো। ইমান ততাতৈয়াকৈনো কলৈ ওলাইছ ?
২য় সেনা- লগালি আৰু কলৈডাল। কি অজগৌটো অ
বোলো কাইলৈ যুদ্ধ— হুকুম শুনা নাই জানে৷ ? কাইলৈ
পুৱাতে সকলোৱেই হাজিৰ হব লাগিব।