পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[প্রথম অঙ্ক
ভীষ্মৰ শৰ-শয্যা
স্মৰণ কৰি তোমাৰ সৈন্যৰ সেনাপতিৰ বাব গ্ৰহণ কৰিলো
কিন্তু এই খিনিতে এটা কথা কওঁ শুনা—আৰু ভালকৈ
মনত ৰাখিবা। ৰজাসকল ! আপোনাসকলেও শুনিব।
মোৰ মানত কৌৰব যেনে পাণ্ডবো তেনে। সেইবাবে
পাণ্ডৱকে৷ মোৰ সৎ পৰামৰ্শ দিয়া কৰ্ত্তব্য। যদি সন্মত
হোৱ৷ তেন্তে মোক সেনাপতি পাতা।
দুৰ্য্যোধন— তাত আমাৰ কোনো আপত্তি নাই ।
১ম ৰজা— কোনো ক্ষত্রিয়ই এনে কথাত প্ৰতিবাদ নকৰে ৷
ভীষ্ম — শ্ৰকৃষ্ণ আৰু বলোৰামে কোন পক্ষ লৈছে জানা নে?
দুৰ্য্যোধন— শ্রীকৃষ্ণই পাণ্ডৱৰ পক্ষ লৈছে ৷ পিচে অস্ত্ৰ নধৰো
বুলি প্ৰতিজ্ঞ৷ কৰিছে । বলোৰামে কাৰো পক্ষ নলয় ।

ভীষ্ম—

ভেনেহলে শুনা—পাণ্ডব পক্ষৰ ভিতৰত মোৰ বিপক্ষে
যুজ কৰিব পৰা একমাত্র অর্জুন হে আছে। কিন্তু তেওঁ
প্রকাশ্যে মোৰ লগত যুদ্ধ নকৰে। মই দেৱতা, অসুৰ, গন্ধৰ্ব্ব,
কিন্নৰ সকলোৰে লগত যুদ্ধ কৰিম। অইন কি শ্রীকৃষ্ণই
নিজে যুদ্ধ কৰিলেও তেওঁৰ লগত যুদ্ধ কৰিম। কিন্তু
এজনৰ লগত হে যুদ্ধ নকৰো ৷
দুৰ্য্যোধন— সেইজন কোন ?
ভীষ্ম – দ্ৰুপদৰ পুত্ৰ শিখণ্ডী ৷
দুৰ্য্যোধন— তাৰ লগত নো কিয় যুদ্ধ নকৰে ?
ভীষ্ম— কাৰণ সময়ত কম।
১ম ৰজা—- সেই তিৰী-মুৱ৷ লৰাটোৰ সৈতে আপুনি যুদ্ধ কৰিব
নেলাগে, আমিয়েই তাক পাৰ কৰিব পাৰিম