পৃষ্ঠা:ভীষ্মৰ শৰ-শয্যা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় দৃশ্য ]
ভীষ্মৰ শৰ-শয্যা

[ ৰজাসকল আৰু দুৰ্য্যোধনৰ প্রবেশ ]

দুৰ্য্যোধন – পিতামহ !
ভীষ্ম – ( ৰজাসকলক আৰু দুর্য্যোধনক অভ্যর্থন। জনাই )
দুৰ্য্যোধন! আহা, ৰজাসকল আসন গ্ৰহণ কৰক। পিচে
হঠাৎ অসময়ত অহা হল কিয় ?
দুর্য্যোধন – অশ্বত্থামাক বিশ্বাস কৰিব নোৱাৰি সেনাপতি পদৰপৰা
গুচাইছো, যুদ্ধ হোৱাটো নিশ্চয় ; ইয়াৰ অন্যথা হব নোৱাৰে
উপযুক্ত সেনাপতি নহলে যুদ্ধ চালনা কৰিব পৰা নহব ।
সেইবাবে আপোনাৰ ওচৰলৈ আহিছোঁ।
ভীষ্ম – মই কি কৰিব লাগে, আদেশ কৰা।মোৰ সৎ পৰামৰ্শ
নুশুনিলা।
দুৰ্য্যোধন – পিতামহ ! যুদ্ধ অনিবাৰ্য্য। এতিয়া কথা হৈছে মোৰ
হিতাকাঙ্ক্ষী এজনক সেনাপতি পদত বৰণ কৰা! ধাৰ্ম্মিক,
সাহসী আৰু ৰণকৌশল ভালকৈ জনা এজনক সেনাপতি
পাতিলে অনায়াসে যুদ্ধত জয় লাভ কৰিব পাৰি ৷ আপুনি
মোৰ হিতাকাঙ্ক্ষী, ধাৰ্ম্মিক আৰু যুদ্ধত সুনিপুণ। জগতত
এনে বীৰ নাই, যি আপোনাক পৰাস্ত কৰিব পাৰে ।
আমাৰ সকলোৰে মত যে আপুনি আমাৰ এঘাৰ অক্ষৌহিনী
সেনাৰ সেনাপতি বাব গ্ৰহণ কৰিব লাগে।
ভীষ্ম — ৰজাসকল !আপোনাসকলেও ইয়াকে কয় নে ?
সকলোৱে— হয়,হয়।
ভীষ্ম –– ( অলপ পৰ ৰৈ ) শুনা দুৰ্য্যোধন ! মোৰ আগৰ প্ৰতিজ্ঞা