পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

40 ভাৰতৰ সংবিধান। ষষ্ঠ ভাগ-ৰাজ্য সমূহ-অনুচ্ছেদ ২০৭-২১০ খণ্ডৰ অধীনত চুপাৰিছৰ প্ৰয়োজন নহব। (২) কেৱল কোনো অৰ্থদণ্ড বা আন আৰ্থিক দণ্ড আৰোপণৰ অৰ্থে বা অনুজ্ঞপ্তিৰ বাবে অথবা কৃত কোনো সেৱাৰ বাবে দাবী ফিজ দাবী কৰা বাদিয়াৰ বাবে উপবন্ধ কৰিছে বুলিয়েই কিম্বা কেৱল কোনো স্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্ৰয়োজনৰ নিমিত্তে কোনোকৰৰ আৰোপণ, বিলোপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিময়ৰ উপবন্ধ কৰিছে বুলিয়েই কোনো বিধেয়কে বা সংশোধনে উপৰোক্ত বিষয় সমূহৰ কোনোটোৰ বাবে উপবন্ধ কৰা বুলি গণ্য নহব। (৩) কোনো বিধেয়ক অধিনিয়মিত আৰু প্ৰৱৰ্তিত হলে যদি ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা কোনো ব্যয় কৰিবলগীয়া হয় তেনেহলে তেনে বিধেয়ক বিচাৰৰ কাৰণে ৰাজ্যপালে সদনলৈচুপাৰিছনকৰিলে ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ দ্বাৰা তাক পাৰিত কৰিব নোৱাৰিব। প্ৰক্ৰিয়া সাধাৰণত ও প্ৰক্ৰিয়াৰ নিয়মাৱলী। ২০৮(১) এই সংবিধানৰ উপবন্ধাৱলীৰ সাপেক্ষে কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনে নিজ প্ৰক্ৰিয়া আৰু কাৰ্য্য পৰিচালনাৰ বিনিয়মনৰ নিমিত্তে নিয়মাৱলী প্ৰস্তুত কৰিব পাৰে। (২) খণ্ড (১) ৰ অধীনত নিয়মাৱলী প্ৰস্তুত নকৰা পৰ্য্যন্ত, এই সংবিধানৰ প্ৰাৰম্ভণিৰ ব্যৱহিত পূৰ্ব্বে ততস্থানীয় প্ৰদেশৰ বিধান মণ্ডলৰ সম্বৰ্ধত বলবৎ থকা প্ৰক্ৰিয়াৰ নিয়মাৱলী আৰু স্থায়ী আদেশবোৰ, স্থান বিশেষে বিধান সভাৰ অধ্যক্ষ বা বিধান পৰিষদৰ সভাপতিৰ দ্বাৰা কৰা তেনে পৰিৱৰ্তন আৰু অনুকুলন সাপেক্ষে ৰাজ্যখনৰ বিধান মণ্ডলৰ সম্পৰ্কতত প্ৰভাৱী হব। (৩) বিধান পৰিষদ থকা কোনো ৰাজ্যত বিধানসভাৰ অধ্যক্ষ আৰু বিধান পৰিষদৰ সভাপতি, লগত পৰামৰ্শ কৰাৰ পাচত ৰাজ্যপালে দুয়োটা সদনৰ মাজত পৰস্পৰ যোেগাযোগ সম্বন্ধীয় প্ৰক্ৰিয়াৰ নিয়মাৱলী প্ৰস্তুত কৰিব পাৰে। ৰাজ্যৰ বিধান মণ্ডলত ২০৯।বিত্তীয় কাৰ্যবিলাকসময়মতে সমাপ্তকৰিবৰ প্ৰয়োজনীয়তাৰ বাবে বিত্তীয় বিষয়ৰ সম্পৰ্কত বিধিবদ্বাৰা বিত্তীয় কাৰ্য বা ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ধনৰ বিনিয়োজনৰ বাবে কোনো বিধেয়কৰ সম্পৰ্কত এখন ৰাজ্যৰ সম্বন্ধীয় প্ৰক্ৰিয়াৰ ‘বিধান মণ্ডল বিধিৰ দ্বাৰা ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ ৰা সদন সমূহৰ প্ৰক্ৰিয়া আৰু কাৰ্য্য পৰিচালনা বিনিয়মন৷ বিনিয়মিত কৰিব পাৰে, আৰু এনেকৈ কৰা কোনো বিধিৰ কোনো উপবন্ধ যদি ৰাজ্যৰ বিধান মণ্ডলৰ সদনে বা যিকোনোটো সদনে অনুচ্ছেদ ২০৮ৰ খণ্ড (১) ৰ অধীনত কৰা কোনো নিয়মৰ লগত অথবা সেই অনুচ্ছেদৰ খণ্ড (2) ৰ অধীনত ৰাজ্যৰ বিধান মণ্ডলৰ সম্পৰ্কত প্ৰভাৱী হোৱা কোনো নিয়ম বা স্থায়ী আদেশৰ লগত অসংগত হয়, তেনেহলে যি পৰ্য্যন্ত এনে অসংগতি হয় সেই পৰ্য্যন্ত এনে উপবন্ধই অভিভাৱীহব। বিধান মণ্ডলত প্ৰয়োগ ২১০।(১)সপ্তদশ ভাগত যিকোনো কথা থকা সত্ত্বেও, অনুচ্ছেদ ৩৪৮ৰ উপবন্ধাৱলীৰ সাপেক্ষে হবলগীয়াভাষা। কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কাৰ্য ৰাজ্যখনৰ চৰকাৰী ভাষাত বা ভাষা সমূহত অথবা হিন্দী বা ইংৰাজীত সম্পাদন কৰিব লাগিব ঃ পৰস্তু, স্থান বিশেষে বিধান সভাৰ অধ্যক্ষই বা বিধান পৰিষদৰ সভাপতিয়ে অথবা তেনে ৰূপে কাৰ্যকৰা ব্যক্তিয়ে এনে যিকোনো সদস্যক, যি পূৰ্বোক্ত ভাযা সমূহত নিজক পৰ্যাপ্তৰূপে অভিব্যক্ত কৰিব নোৱাৰে, তেওঁৰ মাতৃভাষাৰে সনক সম্বোধন কৰিবলৈ অনুজ্ঞা দিব পাৰে। (2) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰিলে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পোন্ধৰ বছৰ কাল সমাপ্তিৰ পাচত এই অনুচ্ছেদত “বা ইংৰাজী” এই শব্দ দুটা লুপ্ত হোৱাৰ নিচিনাকৈ এই অনুচ্ছেদ প্ৰভাৱী হব। [ পৰস্তু, [ হিমাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ বিধান মণ্ডল সমূহৰ]। সম্পৰ্কত এই খণ্ডটো এনেদৰে প্ৰভাৱী হব যেন তাত থকা পোন্ধৰ বছৰ শব্দ দুটাৰ পৰিৱৰ্ত্তে পচিশ বছৰ’ প্ৰতিষ্ঠাপিত।] ১ হিমাচল প্ৰদেশ অধিনিয়ম,১৯৭০ (১৯৭০ চনৰ ৫৩নং)ৰ ধাৰা ৪৬(ক)ৰ দ্বাৰা অন্তঃস্থাপিত। (২৫-১-৭১ তাংৰ পৰা)। ২। উত্তৰ-পূব অঞ্চল (পুনগঠন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৭১(ক)ৰদ্বাৰা প্ৰতিষ্ঠাপিত (২১-১- ৭২ তাংৰ পৰা)।