পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ ভাগ -ৰাজ্য সমূহ-অনুচ্ছেদ ২০৪-২০৭ পাৰিত বিধিৰ দ্বাৰা কৰা, বিনিয়োজনৰ অধীন ব্যতিৰেকে ৰাজৰ সঞ্চিত নিধিৰ পৰা কোনো ধন উলিয়াব নোৱাৰিব। ২০৫।(১) ৰাজ্যপালে -- অনুপূৰক, অতিৰিক্ত (ক) যদি অনুচ্ছেদ ২০৪ৰ উপবন্ধাৱলীঅনুসাৰে প্ৰস্তুত কোনো বিধিৰ দ্বাৰা চলিত বিত্তীয় অথবা ওপৰঞ্চি অনুদান বছৰত কোনো বিশেষ সেৱাৰ কাৰণে ব্যয় কৰিবলৈ প্ৰাধিকৃত ধনৰাশি সেই বছৰৰ সমূহ। প্ৰয়োজনৰ কাৰণে পৰ্য্যাপ্ত নহয় অথবা যেতিয়া চলিত বিত্তীয় বছৰত সেই বছৰৰ বাৰ্ষিক বিত্তীয় বিৱৰণত অচিন্তিত কোনো নতুন সেৱাৰ কাৰণে অনুপূৰক অথবা অতিৰিক্ত ব্যয়ৰ আৱশ্যকতাৰ উদ্ভৱ হয়, অথবা (খ) যদি কোনো বিত্তীয় বছৰত কোনো সেৱাৰ কাৰণে সেই সেৱাত সেই বছৰৰ কাৰণে অনুদত্ত ৰাশিতকৈ ওপৰঞ্চি ধন ব্যয় হয়, ৰাজ্যৰ বিধান মণ্ডলৰ সদনত নাইবা সদন সমূহৰ আগত সেই ব্যয়ৰ প্ৰাক্কলিত ৰাশি দেখুৱাই আন এটা বিৱৰণ দিয়াব অথবা যথাস্থিতি সেইৰাজ্যৰ বিধান সভাত তেনেকুৱা অতিৰিক্ততাৰ অভিযাচনা উত্থাপিত কৰোৱাব। (২) বাৰ্ষিক বিত্তীয় বিৱৰণ আৰু তাত বৰ্ণিত ব্যয় অথবা অনুদানৰ কোনো অভিযাচনা আৰু ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা এনেকুৱা কোনো ব্যয় বা অনুদান পূৰণৰ কাৰণে ধনৰ বিনিয়োজন প্ৰাধিকৃত কৰিবলৈ প্ৰণয়ন কৰিবলগীয়া বিধিৰ সম্পৰ্কত অনুচ্ছেদ ২০২, ২০৩ আৰু ২০৪ৰ উপবন্ধ সমূহ যি দৰে প্ৰভাৱী হয় এনেকুৱা কোনো বিৱৰণ আৰু ব্যয় বা অভিযাচনাৰ সম্পৰ্কত আৰু ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা এনেকুৱা ব্যয় অথবা এনেকুৱা অভিযাচনা সম্বন্ধীয় অনুদান পূৰণৰ কাৰণে ধনৰ বিনিয়োজন প্ৰাধিকৃতকৰাৰ অৰ্থে প্ৰণয়ন কৰিবলগীয়া কোনো বিধিৰ সম্পৰ্কতো সেই উপবন্ধ সমূহ তেনেকৈয়ে প্ৰভাৱী হব ২০৬ (১) এই অধ্যায়ৰ পূৰ্বৱৰ্তী উ পবন্ধ সমূহত কোনো কথা থকা সত্ত্বেও লেখানুদান, ঋণ অনুদান (ক) তেনে অনুদানত ভোট দানৰ কাৰণে অনুচ্ছেদ ২০৩ ত বিহিত প্ৰক্ৰিয়া আৰু সেই আৰু ব্যতিক্ৰমী অনুদান। ব্যয়ৰসম্পৰ্কত অনুচ্ছেদ ২০৪ ৰউপবন্ধাৱলী অনুযায়ী বিধি পাৰিত হোৱাৰ সাপেক্ষে কোনো বিত্তীয় বছৰৰ এছোৱাৰ কাৰণে প্ৰাক্কলিত ব্যয়ৰ সম্বন্ধত অগ্ৰিম কোনো অনুদান দিবলৈ; (খ) যেতিয়া কোনো সেৱাৰ গুৰুত্ব বা অনিৰ্দিষ্ট লক্ষণৰ কাৰণে বছেৰেকীয়া বিত্তীয় বিৱৰণত সাধাৰণতে দিয়া বিতং বিৱৰণীৰে অভিযাচনাটো বৰ্ণিত কৰিব নোৱাৰে তেতিয়া ৰাজ্যৰ সম্পদ ৰাজিৰ ওপৰত অপ্ৰত্যাশিত অভিযাচনা পূৰণৰ অৰ্থে অনুদান

:

দিবলৈ; (গ) কোনো বিত্তীয় বছৰৰ চলিত সেৱাৰ অঙ্গীভূত নোহোৱা কোনো ব্যতিক্ৰমী অনুদান দিবলৈ ৰাজ্যৰ বিধান সভাৰ ক্ষমতা থাকিব, আৰু উপৰোক্ত অনুদান সমূহ যি প্ৰয়োজনৰ বাবে দিয়া হয় তাৰ বাবে ৰাজ্যৰ সঞ্চিত নিধিৰ ধন উলিওৱাৰ কাৰণে বিধিৰ দ্বাৰা প্ৰাধিকৃত কৰিবলৈ ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতা থাকিব।'। (২) বাৰ্ষিক বিত্তীয় বিৱৰণত উল্লিখিত ব্যয়ৰ সম্বন্ধত অনুদান দিয়াৰ সম্পৰ্কে আৰু তেনে ব্যয় পূৰণাৰ্থে ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ধন বিনিয়োজনৰ প্ৰাধিকাৰ দিয়াৰ অৰ্থে বিধি প্ৰণয়নৰ সম্পৰ্কত অনুচ্ছেদ ২০৩ আৰু ২০৪ ৰউপবন্ধাৱলীৰ যি প্ৰভাৱ হয়, খণ্ড (১)ৰ অধীনত দিয়া কোনো অনুদান আৰু সেই খণ্ডৰ অধীনুত প্ৰণয়ন কৰিবলগীয়া কোনো বিধিৰ সম্পৰ্কতো তাৰ সেইএকেই 'প্ৰভাৱ ২০৭ (১) অনুচ্ছেদ ১৯৯ৰ খণ্ড (১)(ক) ৰ পৰা (চ) লৈকে থকা উপখণ্ডসমূহত বিনিৰ্দিষ্ট বিত্তীয় বিধেয়ক কোনো বিষয়ৰ বাবে উপবন্ধ কৰা কোনো বিধেয়ক অপ্পা সংশোধন ৰাজ্যপালৰ চুপাৰিছ বিনা সম্পৰ্কে বিশেষ উত্থাপিত অথবা প্ৰস্তাৱিত কৰিব নোৱাৰিব,আৰু এনে উপবন্ধ থকা কোনো বিধেয়ক বিধান পৰিষদত উপবন্ধাবলী। উত্থাপিত কৰিব নোৱাৰিব। পৰন্তু, কোনো কৰ হ্ৰাস বা বিলোপ কৰিবলৈ-উপৱন্ধ কৰা কোনো সংশোধন প্ৰস্তাৱ কৰিবলৈ এই