পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Uby ভাৰতৰ সংবিধান যষ্ঠ ভাগ-ৰাজ্য সমূহ-অনুচ্ছেদ ২০২-২০৪ (২) বাৰ্ষিক বিত্তীয় বিৱৰণত সন্নিৱিষ্ট ব্যয়ৰ প্ৰাককলনত - (ক) এই সংবিধানৰ দ্বাৰা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় বুলি বণিত ব্যয় পুৰণৰ কাৰণে প্ৰয়োজনীয় ধনৰাশি; আৰু (খ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ব্যয় কৰিবলৈ প্ৰস্তাৱিত অন্যান্য ব্যয় পূৰণৰ কাৰণে প্ৰয়োজনীয় ধনৰাশি; পৃথককৈ দেখুৱাব; আৰু ৰাজস্ব লেখাৰ ব্যয় অন্য ব্যয়ৰ পৰা প্ৰভেদ কৰি দেখুৱাব। (৩) নিম্নোক্ত ব্যয় সমূহ প্ৰত্যেক ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় হব-- (ক) ৰাজ্যপালৰ উপলব্ধি আৰু ভাত্তা সমূহ আৰু তেওঁৰ পদ সম্পৰ্কীয় অন্য ব্যয; (খ) বিধান সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ আৰু বিধান পৰিষদ থকা ৰাজ্যৰ ক্ষেত্ৰত বিধান পৰিষদৰ সভাপতি আৰু উপ-সভাপতিৰ বেতন আৰু ভাত্তা সমূহ; (গ) সুদ, নিক্ষেপ-নিধি, ভাৰ আৰু বিমোচন ভাৰক অন্তৰ্গত কৰি ৰাজ্যৰ ওপৰত দায়িত্ব থকা ঋণ-ভাৰ সমূহ আৰু ধাৰ গ্ৰহণ আৰু ঋণ-সেৱা আৰু ঋণ বিমোচন সম্পৰ্কীয় অন্যান্য ব্যয় সমূহ; (ঘ) কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ বেতন আৰু ভাত্তা সম্বন্ধীয় ব্যয়; (ঙ) কোনো ন্যায়ালয়ৰ বা মধ্যস্থ ন্যায়াধিকৰণৰ কোনো নিৰ্ণয়, ডিক্ৰী বা ব্যয়ৰ তুষ্টিৰ অৰ্থে প্ৰয়োজনীয় কোনো ধনৰাশি; (চ) এই সংবিধানৰ দ্বাৰা বাৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা এনে ভাবে ভাৰিত হব বুলি ঘোষিত আন কোনো ব্যয়। ২০৩(১) প্ৰাক্কলনত কোনো ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় সম্পৰ্কীয় যিখিনি ব্যয় থাকে সেইখিনি বিধান সভাত ভোটৰকাৰণে দিয়ানহব, কিন্তু এই খণ্ডৰ কোনো কথাই প্ৰাক্কলন সমূহৰ কোনোটোক বিধান মণ্ডলত আলোচনা কৰাৰ পৰা নিবাৰণ কৰা বুলি অৰ্থ নকৰিব। (২) উক্ত প্ৰাক্কলনৰ যিমানখিনি অন্য ব্যয় সম্পৰ্কীয় হয় সেই পৰিমাণে অনুদান অভিযাচনাৰ ৰূপত বিধান সভাত দাঙি ধৰিব আৰু যিকোনো অভিযাচনাত অনুমতি দিবলৈ বা অনুমতি অস্বীকাৰ কৰিবলৈ অথবা তাত বিনিৰ্দিষ্ট ৰাশিৰ নকৰণ সাপেক্ষে কোনো অভিযাচনাত অনুমতি দিবলৈ বিধান সভাৰ ক্ষমতা থাকিব। (৩) ৰাজ্যপালৰ চুপাৰিছ বিনা কোনো অনুদানৰ অভিযাচনা কৰা নহব। ২০৪(১) বিধান সভাৰ দ্বাৰা অনুচ্ছেদ ২০৩ৰ অধীনত অনুদান সমূহ মঞ্জুৰীকৰাৰ পিচত যথা শীঘ্ৰে নিম্নোক্ত ব্যয় সমূহ পূৰণাৰ্থে আৱশ্যক হোৱা সকলো ধন ৰাজ্যখনৰ সঞ্চিত নিধিৰ পৰা বিনিয়োজন কৰাৰ উপবন্ধ কৰি বিধেয়ক উত্থাপিত কৰিব (ক) বিধান সভাৰ দ্বাৰা তেনেদৰে মঞ্জুৰী কৰা অনুদান সমূহ; আৰু (খ) বাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় কিন্তু কোনো স্থলতে সদন অথবা সদন সমুহৰ আগত পূৰ্বে দাঙি ধৰা বিৱৰণত দশোৱা ৰাশিতকৈ এই ব্যয় অধিক হব নোৱাৰিব। (২) ৰাজ্যৰ বিধান মণ্ডলৰ সদনত বা যিকোনোটো সদনত এনে বিধেয়কৰ ওপৰত এনে সংশোধন প্ৰস্তাৱনকৰিব যাৰ ফলত এই প্ৰকাৰেকৰা হোৱা কোনো অনুদানৰ ৰাশিৰ হেৰফেৰ অথবা লক্ষ্যৰ পৰিৱৰ্তন অথবা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয়ৰ ৰাশিৰ হেৰফেৰ হয়, আৰু এই খণ্ডৰ অধীনত কোনো সংশোধন অগ্ৰাহ্য হয়নেনহয় সেই বিষয়ে অধ্যক্ষতা কৰা ব্যক্তিৰ বিনিশ্চয়েই চূড়ান্ত হব। (৩) অনুচ্ছেদ ২০৫ আৰু ২০৬ ৰ উপবন্ধাৱলীৰ সাপেক্ষে এই অনুচ্ছেদৰ উপবন্ধ অনুসৰি বিধানমণ্ডলত প্ৰাক্কলন সম্পৰ্কীয় প্ৰক্ৰিয়া। 1 বিনিয়োজন বিধেয়ক।