পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ ভাবতৰ সংবিধান ষষ্ঠ ভাগ —ৰাজ্যসমূহ অনুচ্ছেদ ১৮৬৯৮৯ অধ্যক্ষ, উপাধ্যক্ষ,. সভাপতি আৰু উপসভাপতি বেতন আৰু ভাত্তা। ১৮৬ বিধান সভাৰ অধ্যক্ষক আৰু উপাধ্যক্ষক আৰু বিধান পৰিষদৰ সভাপতিক আৰু উপসভাপতিক ৰাজ্যৰ বিধান মগুলে বিধিৰ দ্বাৰা যথাক্ৰমে নিৰ্দিষ্ট কৰা অনুসৰি বেতন আৰু ভাত্তা সমূহ..দিয়া, হব আৰু সেই মৰ্মে উপবন্ধ প্ৰস্তুত নকৰালৈকে দ্বিতীয় অনুসূচীত যথা বিনিৰ্দিষ্ট বেতন আৰু ভাৰা সমূহ দিয়া হব। ৰাজ্যৰ বিধান মণ্ডলৰ সচিবালয়। ১৮৭ (১) ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ বা প্ৰত্যেক সদনৰে পৃথক সাচিবিক কৰ্মচাৰী বৃন্দ থকিব ও পৰস্তু, বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষেত্ৰত এই খণ্ডৰ কোনো কথাই এনেকুৱা বিধান মণ্ডলৰ উভয় সদনৰ কাৰণে উমৈহতীয়া ন্দ সৃষ্টি কৰাত বাধা আৰোপ কৰা বুলি অৰ্থ নকৰিব। (২) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা ৰাজ্যৰ বিধান, মণ্ডলৰ এটা নাইবা উভয় সদনৰে সাচিবিক কৰ্মচাৰী ৰ ভৰ্ত্তিৰ আৰু তাত নিযুক্ত ব্যক্তি সকলৰ সেৱাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰিব পাৰিব। (৩) খণ্ড (২বি: অধীনত যেতিয়ালৈকে ৰাজ্যৰ বিধান মণ্ডলে উপবন্ধ প্ৰস্তুত নকৰে তেতিয়ালৈকে ৰাজ্যপালে স্থান বিশেষে বিধান সভাৰ অধ্যক্ষৰ লগত নাইবা বিধান পৰিষদৰ, সভাপতিৰ লগত পৰামৰ্শ কৰাৰ পিচত বিধান সভা নাইবা পৰিষদৰ সাচিবিক কৰ্মচাৰী বৃন্দ ভৰ্ত্তিৰ আৰু তাত নিযুক্ত ব্যক্তিসকলৰ সেবাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰি নিয়ম প্ৰস্তুত কৰিব পাৰে আৰু তেনেকুৱাকৈ প্ৰস্তুত কৰা যিকোনো নিয়ম উক্ত খণ্ডৰ অধীনত প্ৰস্তুত যিকোনো বিধিৰ উপবন্ধ সাপেক্ষে প্ৰভাতী হব। কাৰ্য্য পৰিচালনা সদস্যসকলৰ ঘৰ শপত গ্ৰহণ বা প্ৰতিজ্ঞান। ১৮৮৷ ৰাজ্যৰ বিধান সভা নাইবা বিধান পৰিষদৰ প্ৰত্যেক সদস্যই নিজৰ আসন গ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যপাল বা তেওঁৰ দ্বাৰা সেই উদ্দেশ্যে নিযুক্ত অন্য কোনো ব্যক্তিৰ সমুখত তৃতীয় অনুসূচীত এই প্ৰয়োজনৰ কাৰণে দিয়া হোবা প্ৰপত্ৰ অনুসাৰে শপত লব বা প্ৰতিজ্ঞান কৰিব আৰু তাত হস্তাক্ষৰ কৰিব। সদনসমূহত ভোট দান, ৰিক্ত আসন থকা সত্তেও সদনসমূহৰ কাৰ্য- ১৮৯ (১) এই সংবিধানত অন্যথা উপবন্ধিত কৰা অবস্থাৰ ব্যতিৰেকে কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ কোনো বৈঠকত সকলো প্ৰশ্নৰ নিৰ্দ্ধাৰণ অধ্যক্ষ বা সভাপতি বা তেনেদৰে কাৰ্যকৰা ব্যক্তিৰ বাহিৰে, উপস্থিত থকা আৰু ভোট দান কৰা সদস্য সকলৰ ভোটাধিক্যৰ দ্বাৰা কৰা হব। কৰিবলৈ ক্ষমতা আৰু ধূল। অধ্যক্ষই নাইবা সভাপতিয়ে বা তেনেদৰে কাৰ্য্যকৰা ব্যক্তিয়ে প্ৰথমতঃ ভোট দান নকৰিব কিন্তু ভোটৰ সমতাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভোট পাব আৰু তাক প্ৰয়োগ কৰিব। (১) কোনো সদস্য পদ ৰিক্ত হৈ থাকিলেও ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ কাৰ্য্য কৰাৰ ক্ষমতা থাকিব আৰ হক নথকা কোনো ব্যক্তি কাৰ্যবাহীত উপস্থিত থকা, ভোট দান কৰা নাইবা অন্যথা অংশ গ্ৰহণ কৰা বুলি পিচত প্ৰকাশ পালেও ৰাজ্যৰ বিধান মণ্ডলৰ যিকোনো কাৰ্যবাহী বিধিমান্য হব। (৩) যেতিয়ালৈকে ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা, অন্যথা উপস্থিত নকৰে তেতিয়ালৈকে ৰাজ্যৰ বিধান মণ্ডলৰ একোটা সদনৰ অধিবেশন গঠিত কৰিবলৈ আবশ্যকীয় থুল দহজন সদস্য বা সদনৰ সম্পূৰ্ণ সদস্য সংখ্যাব এক-দশমাংশৰ যিটোবেই অধিক সেইটোবেই হব। (৪) যদি কোনো সময়ত ৰাজ্যৰ বিধান সভা অথবা বিধান পৰিষদৰ কোনো বৈঠকত ধূল নহয় তেনেহলে অধ্যক্ষ বা সভাপতি বা সেই ৰূপে কাৰ্য্য কৰা ব্যক্তি কৰ্তব্য হব, হয় সদন স্থগিত কৰা অথবা থুল নোহোৱালৈকে বৈঠক নিলম্বিত কৰা।