পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

at বিধান পৰিষদৰ গঠন। ভাৰতৰ সংবিধান ষষ্ঠ ভাগ ৰাজ্যসমূহ অনুচ্ছেদ ১৭১-১৭২ ১৭১। (১) বিধান পৰিষদ থকা ৰাজ্যৰ বিধান পৰিষদৰ মুঠ সদস্য সংখ্যা উক্ত ৰাজ্যৰ বিধান সভাৰ মুঠ সদস্য সংখ্যাৰ [ এক-তৃতীয়াংশৰ ] বেছি নহব? পৰস্তু, কোনো ৰাজ্যৰ বিধান পৰিষদৰ মুঠ সদস্য সংখ্যা কোনো অবস্থাতে চল্লিশৰ কম নহব। ও সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰা পৰ্যন্ত কোনো ৰাজ্যৰ বিধান পৰিষদৰ গঠন খণ্ড (৩)ত যথা উপবন্ধিত অনুসাৰে হব। (৩) কোনো ৰাজ্যৰ বিধান পৰিষদৰ মুঠ সদস্য সংখ্যাৰ (ক) যিমানদূৰ পৰা যায় এক-তৃতীয়াংশ পৌৰসভা, জিলা-মণ্ডলী সমূহ আৰু সংসদে বিধিৰ দ্বাৰা নিৰূপিত কৰা মতে ৰাজ্যৰ তেনেকুৱা অন্যান্য স্থানীয় প্ৰাধিকাৰীৰ সদস্য, সকলেৰে গঠিত নিৰ্বাচক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত কৰা হব; (খ) যিমানদূৰ পৰা যায় এক-দ্বাদশাংশ ৰাজ্যত বাস কৰা এনে ব্যক্তিৰে গঠিত নিৰ্বাচক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত কৰা হব যিনেকি ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হৈ অন্ততঃ তিনি বছৰ থাকে অথবা অন্ততঃ তিনি বছৰ এনে অৰ্হতা সম্পন্ন হৈ থাকে যি অৰ্হতা সংসদে কোনো বিধিৰ দ্বাৰা বা অধীনত এনে কোনো বিশ্ববিদ্যালয়ৰ স্নাতক সমতুল্য বুলি বিহিত কৰে; (গ) যিমানদূৰ পৰা যায় এক-দ্বাদশাংশ এনে ব্যক্তিৰে গঠিত নিৰ্বাচক মণ্ডলীৰ দ্বাৰা, নিৰ্বাচিত কৰা হব যিনেকি সংসদে কোনো বিধিৰ দ্বাৰা বা অধীনত বিহিত কৰা অনুযায়ী ৰাজ্যত থকা মাধ্যমিক বিদ্যালয়তকৈ অনিম্ন স্তৰৰ শিক্ষানুষ্ঠানত শিক্ষা দিয়া কামত কমেও তিনি বছৰ কাল বত থাকে; (ঘ) যিমানদূৰ পৰা যায় এক-তৃতীয়াংশ বিধান সভাৰ সদস্য সকলৰ দ্বাৰা বিধান সভাৰ সদস্য নোহোবা ব্যক্তিৰ মাজৰ পৰা নিৰ্বাচিত কৰা হব; 1 (ঙ) অবশিষ্ট ভাগ খণ্ড (৫) ৰ উপবন্ধাবলী অনুসাৰে ৰাজ্যপালৰ দ্বাৰা মনোনীত হব। (৪) খণ্ড (৩)ৰ উপবন্ধ (ক), (খ) আৰু (গ)ৰ অধীনত নিৰ্বাচিত হব লগীয়া সদস্য সকলক সংসদে প্ৰস্তুত কৰা কোনো বিধিৰ দ্বাৰা বা অধীনত বিহিত কৰা এনেকুবা প্ৰাদেশিক নিৰ্বাচন ক্ষেত্ৰত বাছনি কৰা হব আৰু উপৰোক্ত উপখণ্ড আৰ উক্ত খণ্ডৰ উপখণ্ড (ঘ)ৰ অধীনত হব লগীয়া নিৰ্বাচন আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্ৰমণীয় ভোটৰ দ্বাৰা হব। ৫) খণ্ড (৩)ৰ উপখণ্ড (ঙ)ৰ অধীনত ৰাজ্যপালে মনোনীত কৰিবলগীয়া ব্যক্তি সকল তলত উল্লেখ কৰা বিষয় সম্বন্ধে বিশেষ জ্ঞান আৰু কাৰ্য্যকৰী অভিজ্ঞতা সম্পন্ন হব লাগিব, যথাঃ- . সাহিত্য, বিজ্ঞান, কলা, সমবায় আন্দোলন আৰু সমাজ-সেবা। ৰাজ্য বিধান মণ্ডল কালাবধি। ১৭২ (১) আগতে বিঘটন নকৰিলে প্ৰত্যেক ৰাজ্যৰ প্ৰত্যেক বিধান সভা প্ৰথম অধিবেশনৰ কাৰণে নিযুক্ত কৰা তাৰিখৰ পৰা ২ [ পাঁচ বছৰ ৰি কাৰণে চলি থাকিব, ইয়াৰ অধিক কাল নহয়; আৰু উক্ত পাঁচ বছৰ কালৰ সমাপ্তিয়ে বিধান সভাৰ বিঘটন ঘটাব : ১ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ১০ ধাৰাৰ দ্বাৰা “এক-চতুৰ্থাংশৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২৷ পূৰ্বৰ “পাঁচ বছৰ” সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ দ্বাৰা “ছয় বছৰ” কৰা হৈছিল কিন্তু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২৪ দ্বাৰা পুনৰ পাচ বছৰ কৰা হয়। 1