পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

} ভাৰতৰ সংবিধান 49 ষষ্ঠ ভাগ ৰাজ্যসমূহ – অনুচ্ছেদ ১৬৮-১৭০ (২) যি ৰাজ্যৰ বিধান মণ্ডলৰ দুটা সদন থাকে তাৰে এটা বিধান পৰিষদ আৰ আনটো বিধান সভা বুলি জ্ঞাত হব আৰ যি বাজাত কেৱল এটা সদন থাকে সেইটো বিধান সভা বুলি জ্ঞাত হব। ১৬৯ (১) অনুচ্ছেদ ১৬৮ত যি কোনো কথা থকা সত্ত্বেও সংসদে বিধিৰ দ্বাৰা এনে ৰাজ্যসমূহত বিধান পৰিষদ থকা ৰাজ্যৰ বিধান পৰিষদ উঠাই দিবলৈ নাইবা তেনে পৰিষদ নথকা ৰাজ্যত বিধান পৰিষদ তেনেকুৱা পৰিষদ গঠন কৰিবলৈ উপবন্ধ কৰিব পাৰে যদিহে বিধান সভাত মুঠ সদস্য সংখ্যাৰ বিলোপন বা সংখ্যাধিক্যৰ দ্বাৰা আৰু সভাত উপস্থিত থকা তথা ভোটদান কৰা সদস্যসকলৰ অন্যূন দুই- সৃষ্টিকৰণ। তৃতীয়াংশ সংখ্যাধিক্যৰ দ্বাৰা এই উদ্দেশ্যে সংকল্প পালিত হয়। (২) খণ্ড (১)ত নিৰ্দেশিত কোনো বিধিত এই সংবিধান সংশোধনৰ কাৰণে এনে উপবন্ধাবলী অন্তৰ্বিষ্ট হব যিবিলাকনেকি সেই বিধিৰ উপবন্ধ সমূহ কাৰ্যকৰী কৰিবলৈ আবশ্যক হয় আৰু এনে অনু পূৰক, প্ৰাসংগিক আৰু আনুষংগিক উপবন্ধও অভবিষ্ট হব পাৰে যিবিলাকনেকি সংসদে আবশ্যকীয় বুলি গণ্য কৰে। . (৩) অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনৰ বাবে উপৰোক্ত তেনে কোনো বিধি এই সংবিধানৰ সংশোধন বুলি গণ্য কৰা নহব। ১ f ১৭০! (১) অনুচ্ছেদ ৩৩৩ৰ উপবন্ধাবলীৰ অধীনত প্ৰত্যেক ৰাজ্যৰ বিধান সভা বিধান ৰাজ্যখনত থকা প্ৰাদেশিক নিৰ্বাচন সমষ্টি সমূহৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত অনধিক সভাসমূহৰ গঠন। পাটশ আৰু অন্ন ষাঠিজন সদস্যৰে গঠিত হব। (২) খণ্ড (১)ৰ প্ৰয়োজনৰ বাবে প্ৰত্যেক ৰাজ্যকে এনে ৰীতিত প্ৰাদেশিক নিৰ্বাচন সমষ্টি সমূহত বিভাজন কৰা হব যাতে প্ৰত্যেক সমষ্টিৰ জনসংখ্যা আৰু তাৰ বাবে আবন্টিত আসনৰ সংখ্যাৰ মাজৰ অনু পাত সমগ্ৰ ৰাজ্যতে যথাসাধ্য একে হয়। ৪ [ স্পষ্টীকৰণ এই খণ্ডত “জনসংখ্যা” পদে এনে অন্তিম পূৰ্ব বক্সী জন-গণনাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্ৰাসংগিক সংখ্যা সমূহ প্ৰকাশিত হৈছে। পুৰস্তু, এই স্পষ্টীকৰণত প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত হোৱা অন্তিম পূৰ্ববৰ্তী জুন-গণনাৰ প্ৰতি থকা নিৰ্দেশে, ২০০০ চনৰ পিচত অনুষ্ঠিত প্ৰথম জন-গণনাৰ প্ৰাসঙ্গিক। সংখ্যাসমূহ প্ৰকাশিত নোহোবা পৰ্যন্ত, ১৯৭১ চনৰ জন-গণনাৰ প্ৰতি কৰা নিৰ্দেশ বুলি অৰ্থ কৰা হব। (৩) প্ৰত্যেক জন-গণনাৰ সমাপ্তিৰ অন্তত প্ৰত্যেক ৰাজ্যৰ বিধান সভাত আসনৰ মুঠ সংখ্যাৰ আৰু প্ৰত্যেক ৰাজ্যকে প্ৰাদেশিক নিৰ্বাচন সমষ্টিলৈ বিভাজনৰ পুনঃ সমাযোজন এনে প্ৰাধিকাৰীৰ দ্বাৰা আঁৰু এনে ৰীতি অনুসৰি কৰা হব যিটোনেকি সংসদে বিধিৰ দ্বাৰা নিৰ্ধাৰিত পৰস্তু, এনে পুনঃ সমাযোজনে তত্কালীন বিদ্যমান বিধান সভাৰ বিঘটন নোহহাবা পৰ্যন্ত বিধান সভাত থকা প্ৰতিনিধিত্বৰ ওপৰত প্ৰভাৱ নেপেলাব?

  • [ অধিকন্তু, এনে পুনঃ সমাযযাজন ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা যথা বিনিৰ্দিষ্ট কৰা

তাৰিখৰ পৰাহে প্ৰভাবী হব আৰ এনে পুনঃ সমাহোজন প্ৰভাবী নোহাৱা পৰ্য্যন্ত, তেনে পুনঃ সমাযোজনৰ পূৰ্বে বিদ্যমান প্ৰাদেশিক নিৰ্বাচন সমষ্টিৰ ভিত্তিত বিধান সভালৈ কোনো নিৰ্বাচন হব পাৰিব।

পৰস্তু, যেতিয়ালৈকে ২০০০ চনৰ পিচত অনুষ্ঠিত প্ৰথম জন-গণনাৰ প্ৰাসঙ্গিক সংখ্যা সমূহ প্ৰকাশিত নহয়, তেতিয়ালৈকে এই খণ্ডৰ অধীনত প্ৰত্যেক ৰাজ্যৰ বিধান সভাৰ আসনৰ মুঠ সংখ্যাৰ পুনঃ, সমাযোজন কৰাটো আৰু তেনে ৰাজ্যক প্ৰাদেশিক নিৰ্বাচন সমষ্টিলৈ বিভাজন কৰাটো আবশ্যক নহব। ] ১৷ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৯ ধাৰাৰ দ্বাৰা মূল অনুচ্ছেদটোৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২৷ সংবিধান (দ্বাচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ২৯ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (৩-১-৭৭ তাংৰ পৰা)। ৩। উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (৩-১-৭৭ তাংৰ পৰা)।