পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাজ্য চৰকাৰৰ কাৰ্যপৰিচালনা। ভাৰতৰ সংবিধান ষষ্ঠ ভাগ —ৰাজ্যসমূহ --অনুচ্ছেদ ১৬৬-১৬৮ চৰকাৰৰ কাৰ্য্য পৰিচালনা ১৬৬ (১) কোনো ৰাজ্যৰ চৰকাৰৰ সকলো কাৰ্যপালিকা কাৰ্যবাহী ৰাজ্যপালৰ নামত হোৱা বুলি অভিব্যক্ত হব। (২) ৰাজ্যপালৰ নামত প্ৰস্তুত আৰু অনুষ্ঠিত সকলো আদেশ' আৰু অন্যান্য লেখ্য বাজপালে প্ৰস্তুত কৰিবলগীয়া নিয়মাবলীত যথা বিনিৰ্দিষ্ট নীতিমতে প্ৰমাণীকৃত কৰিব লাগিব, আৰ তেনেকৈ প্ৰমাণীকৃত কৰা আদেশ বা লেখ্যৰ মান্যতাৰ বিৰুদ্ধে এই আধাৰৰ ওপৰত কোনো আপত্তি নাথাটিব যে সেইটো ৰাজ্যপালৰ দ্বাৰা প্ৰস্তুত বা নিম্পাদিত আদেশ বা লেখ্য নহয়। (৩) ৰাজ্যৰ চৰকাৰৰ কাৰ্য্য অধিক সুবিধাজনক ভাবে কৰিবৰ কাৰণে আৰ এই সংবিধানৰ দ্বাৰা বা অধীনত ৰাজ্যপালে স্ববিবেক মতে কাম কৰিবলৈ অপেক্ষিত নোহোবা উক্ত কায়বোৰ মন্ত্ৰীসকলৰ মাজত বন্টন কৰিবলৈ ৰাজ্যপালে নিয়মাবলী প্ৰস্তুত কৰিব। [

      • 1

১৬৭৷ প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কৰ্তব্য হব 1 ৰাজ্যপালক সংবাদ জ্ঞাত কৰা আদি বিষয়ত মুখ্যমন্ত্ৰী কৰ্তব্য। [ (ক) ৰাজ্যৰ কাৰ্য প্ৰশাসন সম্বন্ধীয় আৰ বিধি প্ৰণয়ন প্ৰস্তাব সম্বন্ধীয় মন্ত্ৰী পৰিষদৰ সকলো বিনিশ্চয় ৰাজ্যৰ ৰাজ্যপালক জনোবা; (খ) ৰাজ্যপালে জানিব খোজা বাজ্যৰ কাৰ্য প্ৰশাসন সম্বন্ধীয় আৰু বিধি প্ৰণয়ন প্ৰস্তাব সম্বন্ধীয় তেনে কোনো সংবাদ ৰাজ্যপালক জনোবা; (গ) কোনো এজন মন্ত্ৰীয়ে বিনিশ্চয় কৰা কিন্তু মন্ত্ৰী-পৰিষদে বিচাৰ নকৰা কোনো বিষয় ৰাজ্যপালে আবশ্যক বুলি ভাবিলে মন্ত্ৰী-পৰিষদৰ বিচাৰাৰ্থে দাখিল কৰা। তৃতীয় অধ্যায় –বিধান মণ্ডল সাধাৰণ ১৬৮ (১) প্ৰত্যেক বাজ্যৰ বাবে একোখন বিধান মণ্ডল থাকিব আৰু ই গঠিত হব ৰাজ্যপাল আৰু, ৰাজ্যসমূহত বিধান মণ্ডল i . গঠন।

২ [ * * * 1 বিহাৰ, * [ I ৫ [ *** 1

  • [ মহাৰাষ্ট্ৰ ] [ কৰ্ণাটক 1 [ *** ][ আৰু উত্তৰ প্ৰদেশ ] ৰাজ্যত

দুটা সদনৰে; (খ) আন ৰাজ্যবোৰত এটা সদনৰে। ১। সংবিধান ( দ্বচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ৰ ধাৰা ২৮ৰ দ্বাৰা খণ্ড (৪) অন্তঃস্থাপিত কৰা হৈছিল। কিন্তু সংবিধান (চতুঃচত্বাবিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২৩ৰ দ্বাৰা তাক লোপ কৰা হয় (২০-৬-৭৯ তাংৰ পৰা)। ২। “অন্ধ্ৰ প্ৰদেশ” শ বদসমূহ অন্ধ্ৰ প্ৰদেশ বিধান পৰিষদ (বিলোপন) অধিনিয়ম, ১৯৮৫ (১৯৮৫ৰ ৩৪ৰি ধাৰা ৪ৰ দ্বাৰা লোপ কৰা হৈছে (১-৬-১৯৮৫)ৰ পৰা। ৩ বোষে পুনৰ্গঠন অধিনিয়ম, ১৯৬০ (১৯৬০ৰ ১১নং) ৰ ২০ ধাৰাৰ দ্বাৰা বোম্বে শব্দটো লোপ কৰা হৈছে (১-৫-১৯৬০ তাংৰ পৰা)। ৪া সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৮(২) ধাৰাৰ দ্বাৰা মধ্যপ্ৰদেশ অন্তঃস্থাপিত কৰা হৈছিল (অধিসূচিত হোৱা তাৰিখৰ পৰা কিন্তু অধিসূচনা দিয়া হোবা নাই)। ৫৷ “তামিল নাডু” শ দসমূহ তামিল নাড়ু বিধান পৰিষদ ( বিলোপন) অধিনিয়ম, ১৯৮৬ (১৯৮৬ৰ ৪০ৰি ধাৰা ৪ৰ দ্বাৰা লোপ কৰা হৈছে (১-১১-১৯৮৬ৰ পৰা)। ৬ বোম্বে পুনৰ্গঠন অধিনিয়ম, ১৯৬০ (১৯৬০ৰ ১১নং) ৰ ২০ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (১-৫-১৯৬০ তাংৰ পৰা)। ৭৷ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ৮১) ধাৰাৰ দ্বাৰা মহীশৰ অন্তঃস্থাপিত কৰা হৈছিল আৰু মহীশ্বৰ ৰাজ্য নাম পৰিবৰ্ত্তন) অধিনিয়ম, ১৯৭৩ (১৯৭৩ ৩১ নং) ৰ ধাৰাৰ দ্বাৰা মহীশ্বৰৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত (১-১১-৭৩ তাংৰ পৰা). ৮) পঞ্জাব বিধান- পৰিষদ ( বিলোপন) অধিনিয়ম, ১৯৬৯ ৪ ধাৰাৰ দ্বাৰা পঞ্জাব' শব্দটো লোপ কৰা হৈছে। ৯৷ পশ্চিম বঙ্গ বিধান-পৰিষদ (বিলোপন) অধিনিয়ম, ১৯৬৯ ৪ ধাৰাৰ দ্বাৰা “উত্তৰ প্ৰদেশ আৰু পশ্চিম বঙ্গৰ পৰিবৰ্ত্তে আৰু উত্তৰ প্ৰদেশ” প্ৰতিষ্ঠাপিত কৰা হৈছে (১-৮-৬৯ তাংৰ পৰা )।