পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

et ভাৰতৰ সংবিধান ষষ্ঠ ভাগ ৰাজ্যসমূহ –অনুচ্ছেদ ১৬২-১৬৫ ১৬২। এই সংবিধানব উপবাবলী সাপেক্ষে এখন ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা ৰাজ্যৰ এনেৰোৰ বিষয়লৈ বিস্তৃত হৰ যিবোৰ বিষয়ৰ সম্বন্ধত সেই ৰাজ্যৰ বিধান মণ্ডলৰ বিধি প্ৰণয়ন কাৰ্যপালিকা : ক্ষমতা থাকে। ক্ষমতাৰ বিস্তৃতি। পৰস্তু, যি বিষয়বোৰৰ সম্বন্ধত ৰাজ্যৰ বিধান মণ্ডল আৰু সংসদৰ বিধি প্ৰণয়নব ক্ষমতা থাকে তেনে যি কোনো বিষয়ত ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা এই সংবিধানৰ দ্বাৰা অথবা সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা সংঘৰ বা তাৰ প্ৰাধিকাৰী সমূহৰ ওপৰত স্পষ্ট ভাবে প্ৰদত্ত কাৰ্যপালিকা ক্ষমতাৰ অধীনস্থ আৰু তাৰ দ্বাৰা পৰিসীমিত হব। মন্ত্ৰীপৰিষদ ১৬৩ (১) এই সংবিধানৰ দ্বাৰা বা অধীনত ৰাজ্যপালে স্ববিবেক মতে নিৰ্বছন কৰিবৰ ৰাজ্যপালক বাবে অপেক্ষিত হোৱা তেওঁৰ কৃত্য সমূহ বা তাৰ কোনোটোৰ ব্যতিৰেকে ৰাজ্যপালক কৃত্য সহায়তা নিৰহন কৰাত সহায় কৰিবলৈ আৰু মন্ত্ৰণা দিবলৈ মুখ্য মন্ত্ৰীক গুৰিয়াল স্বৰূপে লৈ এখন মন্ত্ৰী- কৰিবলৈ আৰু পৰিষদ থাকিব। মন্ত্ৰণা দিবলৈ (২) যদি এই সংবিধানৰ দ্বাৰা বা অধীনত ৰাজ্যপালে কোনো বিষয়ত স্ববিবেকেৰে মন্ত্ৰী-পৰিষদ। কাৰ্য্য কৰিবলৈ অপেক্ষিত হয় নে নহয় সেই সম্বন্ধে প্ৰশ্ন উঠে তেনেহলে সেই বিষয়ে স্ববিবেকেৰে কৰা ৰাজ্যপালৰ বিনিশ্চয় চূড়ান্ত হব আৰু ৰাজ্যপালে স্ববিবেকেৰে কাৰ্যকৰা উচিত আছিল বা নাছিল এই হেতুত ৰাজ্যপালে কৰা যিকোনো কামৰ মান্যতা সম্বন্ধে কোনো আপত্তি নেখাটিব। (৩) মন্ত্ৰীসকলে ৰাজ্যপালক কিবা মন্ত্ৰণা দিছিলনে, আৰু যদি দিছিল কি দিছিল সেই সম্পৰ্কে কোনো ন্যায়ালয়ত তদন্ত কৰিব নোৱাৰিব। ১৬৪! (১) মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্ত কৰিব আৰু মুখ্যমন্ত্ৰীৰ মন্ত্ৰণা অনুযায়ী মন্ত্ৰীসকল ৰাজ্যপালে অন্যান্য মন্ত্ৰীসকলক নিযুক্ত কৰিব আৰু মন্ত্ৰীসকলে ৰাজ্যপালৰ প্ৰসাদ পৰ্যন্ত পদ সম্বন্ধীয় অন্যান্য ধাৰণ কৰিব? উপবন্ধসমূহ। পৰস্তু, বিহাৰ, মধ্যপ্ৰদেশ আৰু উৰিষ্যা এই তিনিখন ৰাজ্যত জনজাতিৰ কল্যাণৰ ভাৰ বহনৰ কাৰণে এজন মন্ত্ৰী থাকিব আৰু তেওঁ নিজ কাৰ্যভাৰৰ উপৰিও অনুসূচিত জাতি আৰ অনুন্নত সম্প্ৰদায়ব কল্যাণ বা অন্য কামৰ দায়িত্ব বহন কৰিব পাৰিব। (২) মন্ত্ৰী-পৰিষদ সামূহিক ভাবে ৰাজ্যৰ বিধান সভাৰ ওচৰত উত্তৰদায়ী হব। (৩) মন্ত্ৰী এজনে পদ গ্ৰহণ কৰাৰ পূৰ্বে তৃতীয় অনুসূচীত এই প্ৰয়োজনৰ বাবে দিয়া হোবা, প্ৰপত্ৰ সমূহৰ অনুসাৰে ৰাজ্যপালে তেওঁক পদ আৰু গোপনীয়তাৰ শপত লোব। . (৪) কোনো মন্ত্ৰী একেৰাহে ছয় মাহ কাল ৰাজ্যৰ বিধান মণ্ডলৰ সদস্য নহলে উক্ত কাল শেষ হোবাৰ পিচত তেওঁ মন্ত্ৰী হৈ নাথাকিব। (৫) ৰাজ্যৰ বিধান মলে বিধিৰ দ্বাৰা সময়ে সময়ে স্থিৰ কৰা অনুযায়ী আৰু বিধান মণ্ডলে তেনেকৈ স্থিৰ নকৰা পৰ্যন্ত, দ্বিতীয় অনুসূচীত বিনিৰ্দিষ্ট কৰাৰ দৰে মন্ত্ৰী সকলৰ বেতন আৰ ভাত্তা হব। ৰাজ্যৰ মহাধিবক্তা ১৬ (১) প্ৰত্যেক ৰাজ্যৰ ৰাজ্যপালে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হোবাৰ অৰ্হতা ৰাজ্যৰ . থকা কোনো এজন ব্যক্তিক ৰাজ্যৰ মহাধিবক্তা ৰূপে নিযুক্ত কৰিব। মহাধিবক্তা। (২) ৰাজ্যখনৰ চৰকাৰক এনে বিধি সম্বন্ধীয় বিষয়ত মন্ত্ৰণা দিয়া আৰু বিধিপ্ৰকৃতিগত এনে অন্যান্য কৰ্তব্য পালন কৰা যিবিলাকলেকি ৰাজ্যপালৰ দ্বাৰা সময়ে সময়ে তেওঁলৈ পঠোৱা বা অৰ্পণ কৰা হয়, আৰু এই সংবিধানৰ অথবা ততুসময় বলবৎ থকা আন কোনো বিধিৰ দ্বাৰা বা অধীনত তেওঁৰ ওপৰত প্ৰদত্ত কৃত্য সমূহ নিৰ্বহন কৰা মহাধিবক্তাৰ কৰ্তব্য হব। (৩) ৰাজ্যপালৰ প্ৰসাদ পৰ্যন্ত মহাধিবক্তাই পদ ধাৰণ কৰিব আৰু ৰাজাপালৰ দ্বাৰা নিৰ্ধাৰিত পাবিশ্ৰমিক পাব।