পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 ভাৰতৰ সংবিধান ষষ্ঠ ভাগ —ৰাজ্যসমূহ –অনুচ্ছেদ ১৫৭-১৬১ ১৫৭ ভাৰতৰ নাগৰিক নইলে আৰু পয়ত্ৰিশ বছৰ বয়স পূৰ্ণ হলে কোনো ব্যক্তি ৰাজ্যপাল ৰূপে নিযুক্ত হোবাৰ পাত্ৰ হব নোবাৰিব। ৰাজ্যপাল ৰূপে। নিযুক্ত হোৱাৰ। অতসমূহ। ৰাজ্যপালৰ পদৰ চৰ্তসমূহ। ১৫৮ (১) ৰাজ্যপাল সংসদৰ কোনো সদন নাইবা প্ৰথম অনুসূচীত বিনিৰ্দিষ্ট যিকোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ সদস্য হব নোবাৰিব আৰু যদি সংসদৰ কোনো সদন নাইবা তেনেকুৱা ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ সদস্যক ৰাজ্যপাল নিযুক্ত কৰা হয় তেনেহলে যি তাৰিখে তেওঁ ৰাজ্যপাল ৰূপে পদ গ্ৰহণ কৰে সেই তাৰিখেই তেওঁ সেই সদনত তেওঁৰ স্থান বিক্ত কৰি দিছে বুলি গণ্য কৰা হব। (২) ৰাজ্যপালে অন্য কোনো লাভৰ পদ ধাৰণ নকৰিব। (৩) ৰাজ্যপাল বিনা ভাৰাৰে তেওঁৰ পদাবাস সমূহ ব্যবহাৰ কৰাৰ হকদাৰ হব আৰু বিধিৰ দ্বাৰা সংসদে যথা নিৰ্ধাৰিত কৰি দিয়া উপলব্ধি, ভাতা আৰ বিশেষাধিকাৰ পোৱাৰ তেওঁৰ হক থাকিব আৰু সেই নিমিত্তে তেনেভাবে উপবন্ধ প্ৰস্তুত নকৰালৈকে দ্বিতীয় অনুসূচীত যথাবিনিৰ্দিষ্ট উপলব্ধি, ভাঙা আৰু বিশেষাধিকাৰৰ হকদাৰ হব। [ (এক) যেতিয়ানেকি একেজন ব্যক্তিকে দুই বা ততোধিক ৰাজ্যৰ ৰাজ্যপাল নিযুক্ত কৰা হয়, তেতিয়া ৰাজ্যপাল জনক দিবলগীয়া উপলব্ধি আৰু ভাতা ৰাজ্যসমূহৰ মাজত এনে অনু পাতত আবন্টিত হব যিটোনেকি ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়ে।] (৪) ৰাজ্যপালৰ পদাবধিৰ ভিতৰত তেওঁৰ উপলব্ধি আৰু ভাত্তা হ্ৰাস হব নোৱাৰিব। ৰাজ্যপালৰ শপত গ্ৰহণ বা প্ৰতিজ্ঞান। ১৫৯৷ প্ৰত্যেক ৰাজ্যপালে নাইবা ৰাজপাৰ কৃত্য নিৰ্বহন কৰা প্ৰত্যেক ব্যক্তিয়ে নিজ পদ গ্ৰহণ কৰাৰ পূৰ্বে ৰাজ্যখনৰ সম্পৰ্কত ক্ষেত্ৰাধিকাৰ প্ৰয়োগ কৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতিৰ অথবা তেওঁৰ অনুপস্থিতিত সেই ন্যায়ালয়ৰ তৎসময় থকা, জ্যেষ্ঠতম ন্যায়াধীশ জনৰ উপস্থিতিত তলত দিয়া প্ৰপত্ৰত শপত লব বা প্ৰতিজ্ঞান কৰিব আৰু তাত নিজৰ নাম চহী কবিব; অৰ্থাৎ ঈশ্বৰৰ নামত শপত লওঁ অমুকে যে সত্যনিষ্ঠা সহকাৰে প্ৰতিজ্ঞান কৰো শ্ৰদ্ধা পূৰ্বক (ৰাজ্যৰ নাম ৰাজ্যপালৰ পদ পালন কৰিম (নাইবা বাজ্যপালৰ কৃত্য নিৰ্বহন কৰিম) আৰু সামৰ্থৰ পূৰ্ণ প্ৰয়োেগ সহকাৰে সংবিধান আৰু বিধিৰ পৰিবক্ষণ, সংৰক্ষণ আৰু প্ৰতিৰক্ষণ কৰিম আৰু --ৰাজ্যৰ নামৰ লোকসাধাৰণৰ সেৱা আৰু কল্যাণৰ অৰ্থে আত্মনিয়োগ কৰিম”। কিছুমান ১৬০l এই অধ্যায়ত উপবন্ধিত নকৰা যিকোনো আকস্মিকতাত কোনো ৰাজ্যৰ আকস্মিক ক্ষেত্ৰত ৰাজ্যপালৰ কৃত্য সমূহ নিৰ্বহন কৰাৰ কাৰণে ৰাষ্ট্ৰপতিয়ে যেনে উচিত বিবেচনা কৰে ৰাজ্যপালৰকৃত তেনেকৈ উপবন্ধ কৰিব পাৰিব। নিৰ্বহন। কিছুমান গোচৰত ১৬১ ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা বিস্তৃত হোবা, কোনো বিষয় সম্পৰ্কীয় বিধিৰ বিৰুদ্ধে ক্ষমা আদি প্ৰদান কৰা কোনো অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱা ব্যক্তিৰ দণ্ডৰ ক্ষমা প্ৰবিলম্বন, বিৰাম বা পৰিহাৰ কৰিবলৈ কিম্বা কোনো দণ্ডাদেশৰ নিলম্বন, পৰিহাৰ বা লঘু কৰিবলৈ সেই ৰাজ্যৰ কৰিবলৈ আৰু ৰাজ্যপালৰ ক্ষমতা থাকিব। দণ্ডাদেশ নিলম্বিত, পৰিহাৰবা লঘু কৰিবলৈ ৰাজ্যপালৰ ক্ষমতা। ১৷ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৭ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত।