পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

! ৪৮ ভাৰতৰসংবিধান পঞ্চম ভাগসংঘ অনুচ্ছেদ ১৩৭-১৪১ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ১৩৭ | সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধাৱলী বা অনুচ্ছেদ ১৪৫ ৰ অধীনত প্ৰণীত নিৰ্ণয় অথবা আদেশৰ কোনো নিয়মাৱলীৰ সাপেক্ষে, নিজে ঘোষণা কৰা কোনো নিৰ্ণয়ৰ অথবা দিয়া আদেশৰ পুৰ্নবিলোকন পুনৰ্বিলোকন। কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ক্ষমতা থাকিব। উচ্চতমন্যায়লয়ৰ ১৩৮(১)সংঘ-সূচীত থকা যিকোনো বিষয় সম্পৰ্কে সংসদে বিধিৰ দ্বাৰা যেনে ভাবে প্ৰদান কৰে ক্ষেত্ৰাধিকাৰৰসম্প্ৰসাৰণ। তেনেভাবে উচ্চতম ন্যায়ালয়ৰ অধিকতৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা থাকিব। (২) যিকোনো বিষয়ৰ সম্বন্ধত উচ্চতমন্যায়ালয়ৰ এনেকুৱা অধিকতৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা থাকিব যিবিলাকনেকি ভাৰত চৰকাৰে আৰু কোনো ৰাজ্যৰ চৰকাৰে বিশেষ কৰাৰৰ দ্বাৰা প্ৰদান কৰে, যদিহেসংসদে এনে ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা উচ্চতমন্যায়লয়ৰ দ্বাৰা প্ৰয়োগ কৰিবলৈ বিধিৰ দ্বাৰা উপবন্ধিত কৰে। কিছুমান লেখ জাৰি ১৩৯ অনুচ্ছেদ ৩২ ৰ খণ্ড (২) ত উল্লিখিত প্ৰয়োজনবোৰৰ বাহিৰে অন্য যিকোনো প্ৰয়োজনৰ কৰাৰ কাৰণে উচ্চতম কাৰণে সংসদে বিধিৰ দ্বাৰা উচ্চতম ন্যায়ালয়ৰ ওপৰত নিৰ্দেশ, আদেশ বা বন্দী প্ৰত্যক্ষীকৰণ, ন্যায়ালয়ৰ ওপৰত ক্ষমতা পৰমাদেশ, প্ৰতিষেধ,অধিকাৰ পৃচ্ছা আৰু উতপ্ৰেষণ লেখৰ প্ৰকৃতিৰ লেখ সমূহক অন্তৰ্গত কৰি প্ৰদান। লেখ সমূহ বা তাৰ যিকোনোটো জাৰি কৰিবলৈ ক্ষমতা প্ৰদান কৰিব পাৰে। কোনো কোনো [ ১৩৯ ক। {(১) যেতিয়া একে বা সাৰতঃ একে বিধি সম্বন্ধীয় প্ৰশ্ন জড়িত মোকদ্দমা মোকৰ্দমা হস্তান্তকৰণ। উচ্চতমন্যায়ালয়ত আৰু এক বা ততোধিক উচ্চ ন্যায়ালয়ত অথবাদুই বা ততোধিক উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থাকে আৰু ভাৰতৰ মহান্যায়বাদীৰ বা সেই গোচৰ সমূহৰ কোনো এটা পক্ষৰ আবেদনক্ৰমে বাস্বপ্ৰণোদিত ভাবে উচ্চতমন্যায়ালয় এইবুলি সন্তুষ্ট হয় যে সেই প্ৰশ্নবোৰ সাৰ্বজনিক মহত্বপূৰ্ণ সাবান প্ৰশ্ন, তেতিয়া উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ত বা উচ্চ ন্যায়ালয় বোৰত বিচাৰাধীন হৈ থকা সেই মোকদ্দমা বা মোকদ্দমাবোৰ তাৰ পৰা প্ৰত্যাহাৰ কৰি নিজে সকলোবোৰ মোকদ্দমা নিষ্পত্তি কৰিব পাৰে? পৰন্তু, উচ্চতম ন্যায়ালয়ে উক্ত বিধি সম্বন্ধীয় প্ৰশ্নৰ বিনিশ্চয় কৰাৰ পিচত এনেকৈ প্ৰত্যাহৃত কোনো মোকদ্দমা উচ্চতম ন্যায়ালয়ৰ নিৰ্ণয়ৰ এক প্ৰতিলিপি সহ যি উচ্চ ন্যায়ালয়ৰ পৰা মোকদ্দমা প্ৰত্যাহাৰ কৰা হৈছিল সেই উচ্চ ন্যায়ালয়লৈ ঘূৰাই পঠাব পাৰে আৰু তাক প্ৰাপ্তিৰ পিচত উচ্চ ন্যায়ালয়ে তেনে নিৰ্ণয় অনুসৰি মোকদ্দমাটো নিষ্পত্তি কৰিব।] (২) উচ্চতম ন্যায়ালয়ে যদি ন্যায় বিচাৰৰ উদ্দেশ্য তেনেকৰাটো সমীচীন বুলি ভাবে, তেনেহলে কোনো উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা কোনো মোকদ্দমা,আপীল বা আন কাৰ্য্যবাহী আন কোনো উচ্চ ন্যায়ালয়লৈ হস্তান্তৰণ কৰিব পাৰে। উচ্চতম ন্যায়ালয়ৰ ১৪০ | সংসদে উচ্চতম ন্যায়ালয়ৰ ওপৰত এই সংবিধানৰ উপবন্ধ সমুহৰ যিকোনোটোৰ লগত আনুষঙ্গিক ক্ষমতা সমূহ। অসংগত নোহোৱা এনে বিলাক অনু পূৰক ক্ষমতা প্ৰদান কৰিবলৈ বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে যিবিলাকনেকি এই সংবিধানৰ দ্বাৰা বা অধীনত উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰদত্ত ক্ষেত্ৰাধিকাৰ অধিক কাৰ্য্যকৰীৰূপে প্ৰয়োগ কৰিবলৈ ন্যায়ালয়ক সমৰ্থন কৰিবৰ কাৰণে আৱশ্যকীয় বা বাঞ্চনীয় বুলি প্ৰতীত হয়। উচ্চতম ন্যায়ালয়ৰদ্বাৰা ১৪১।উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ঘোষিত বিধি ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত সকলো ন্যায়ালয়ৰ ঘোষিত বিধি সকলো ৰাবে অৱশ্য পালনীয় হব। ন্যায়ালয়ৰ বাবে অৱশ্য পালনীয় হব। ১।সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ২৪ৰ দ্বাৰা অন্তঃস্থাপিত (১- ২-৭৭ তাংৰ পৰা)। ২।সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২১ৰদ্বাৰা প্ৰতিষ্ঠাপিত (১- ৮-৭৯ তাংৰ পৰা)।"