পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ ভাৰতৰসংবিধান পঞ্চম ভাগসংঘ অনুচ্ছেদ ১১০-১১২ ১১০।(১) এই অধ্যায়ৰ প্ৰয়োজনৰ কাৰণে কোনো বিধেয়ক ধন সম্পৰ্কীয় বিধেয়ক বুলি ধনসম্পৰ্কীয় গণ্য কৰা হব যদি ইয়াত কেৱল নিম্নলিখিত বিষয় সমূহৰ সকলোবোৰ বা যিকোনোটোৰ লগত বিধেয়কৰ পৰিভাষা। সম্বন্ধ থকা উপবন্ধ অন্তৰ্বিষ্ট থাকে, যেনে- (ক) কোনো কৰৰ আৰোপন, বিলোপন, পৰিহাৰ, পৰিৱৰ্ত্তন বা বিনিয়মন; (খ) ভাৰত চৰকাৰৰ দ্বাৰা ধনৰ ঋণ গ্ৰহণ বা কোনো প্ৰত্যাভূতি দিয়াৰ বিনিয়মন কিম্বা ভাৰত চৰকাৰৰ দ্বাৰা লোৱাবা লব খোজা কোনো বিত্তীয় বাধ্যবাধকতাসম্বন্ধত বিধিৰসংশোধন; (গ) ভাৰতৰ সঞ্চিত নিধি বা আকস্মিকতা নিধিৰ অভিক্ষা, এনেকুৱা কোনো নিধিলৈ ধন আদায় দিয়া বা তাৰ পৰা ধন উলিওৱা; (ঘ) ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধনৰ বিনিয়োজন; (ঙ) কোনো ব্যয় ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় বুলি ঘোষণা কৰা বা এনে কোনো ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰা; (চ) ভাৰতৰ সঞ্চিত নিধি বা ভাৰতৰ লোক লেখাৰ (পাব্লিক একাউন্ট) বাবদ ধন প্ৰাপ্তি কৰা বা এনে ধনৰ অভিক্ষা বা নিষ্কৰ্ষণ বাসংঘ বা ৰাজ্যৰ লেখাৰ লেখা- পৰীক্ষণ বা (ছ) (ক) ৰ পৰা (চ) লৈকে এই উপখণ্ড কেইটাত বিনিৰ্দিষ্ট বিষয় সমূহৰ যিকোননাটোৰ আনুষঙ্গিক কোনো বিষয়। (২) কেৱল জৰিমনা বা আন আৰ্থিক দণ্ড আৰোপনৰ অৰ্থে বা অনুজ্ঞাপ্তিৰ অথবা কৃত সেৱাৰ বাবে ফিজ দাবীকৰাৰ বা দিয়াৰ বাবে উপবন্ধ কৰিছেবুলিয়েই কিম্বা কেৱল কোনো স্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্ৰয়োজনৰ কাৰণে কোনো কৰৰ আৰোপন, বিলোপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিয়মনৰ উপবন্ধ কৰিছে বুলিয়েই কোনো বিধেয়ক ধন সম্পৰ্কীয় বিধেয়ক বুলি গণ্য নহব। (৩) কোনো বিধেয়ক ধন সম্পৰ্কীয় বিধেয়ক ইয়নে নহয় সেই সম্পৰ্কে কোনো প্ৰশ্নৰ উদ্ভৱ হলে সেই বিষয়ত লোক সভাৰ অধ্যক্ষৰ বিনিশ্চয়েই চূড়ান্ত হব। (৪) অনুচ্ছেদ ১০৯ ৰ অধীনত ৰাজ্য সভালৈ প্ৰেৰিত কৰোতে আৰু অনুচ্ছেদ ১১১ ৰ অধীনত ৰাষ্ট্ৰপতিৰ ওচৰত সন্মতি লাভৰ বাবে নিবেদন কৰোতে প্ৰত্যেক ধন সম্পৰ্কীয় বিধেয়কৰ ওপৰত সেইখন ধন সম্পৰ্কীয় বিধেয়ক বুলি লোক সভাৰ অধ্যক্ষৰ স্বাক্ষৰ সহ প্ৰমাণ পত্ৰ পৃষ্ঠাংকিত হব লাগিব। ১১১। সংসদ সদন কেইটাৰ দ্বাৰা কোনো বিধেয়ক পাৰিত হলে সেই বিধেয়কখন ৰাষ্ট্ৰপতিৰ বিধেয়কত সন্মতি ওচৰত নিবেদন কৰা হব, আৰু ৰাষ্ট্ৰপতিয়ে হয় তেওঁ সেই বিধেয়কত সন্মতি দিছে, নহয় তাত প্ৰদান। সন্মতি দিয়াৰ পৰা বিৰত হৈছে বুলি ঘোষণা কৰিব। পৰন্তু, সন্মতিৰ কাৰণে বিধেয়কখন নিবেদিত কৰাৰ পিচত ৰাষ্ট্ৰপতিয়ে যদিহে ই ধন সম্পৰ্কীয় বিধেয়ক নহয়, তেনেহলে সেই বিধেয়কৰ বা তাৰ কোনো বিশেষ উপবন্ধৰ পুনৰ বিচাৰ কৰিবলৈ আৰু বিশেষকৈ তেওঁৰ নিজ বাণীত চুপাৰিছ কৰি দিয়া তেনে কোনো সংশোধন উত্থাপন কৰাৰ বাঞ্ছনীয়তাৰ বিচাৰ কৰিবলৈ অনুৰোধ কৰি বাণী সহ যথাসম্ভৱ শীঘ্ৰে বিধেয়কখন সুদন কেইটালৈ ঘূৰাই পঠাব পাৰে আৰু যেতিয়া বিধেয়কখন তেনেকৈ ঘূৰাই পঠোৱা হয় তেতিয়া সদন কেইটাই তদনুসাৰে বিধেয়কখনৰ পুনৰ বিচাৰ কৰিব আৰু যদি বিধেয়কখন সংশোধনসহ বা বিনা সংশোধনেৰে সদন কেইটাৰ দ্বাৰা পুনৰ পাৰিত হয় আৰু সন্মতিৰ কাৰণে ৰাষ্ট্ৰপতিৰ ওচৰত নিবেদন কৰা হয়, তেনেহলে ৰাষ্ট্ৰপতিয়ে তাঁত সন্মতি দিয়াৰ পৰা বিৰত নহব। বিত্তীয় বিষয় সম্পৰ্কে প্ৰক্ৰিয়া ১১২।(১) প্ৰত্যেক বিত্তীয় বছৰৰ সম্বন্ধত এই ভাগত “বাৰ্ষিক বিত্তীয় বিৱৰণ”নামে উল্লিখিত বাৰ্ষিকবিত্তীয় বিবণ। সেইবছৰৰ নিমিত্তে ভাৰত চৰকাৰৰ প্ৰাক্কলিত আয় আৰু ব্যয়ৰ বিৱৰণ এখন ৰাষ্ট্ৰপতিয়ে সংসদ উভয় সদনতে দিয়াব।