পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৩৭ পঞ্চম ভাগসংঘ-অনুচ্ছেদ ১০৮-১০৯ (৩) যেতিয়া ৰাষ্ট্ৰপতিয়ে খণ্ড (১)ৰ অধীনত যুটীয়া বৈঠকত সম্মিলিত হবৰ কাৰণে সদন কেইটাক আহ্বান কৰাৰ অভিপ্ৰায় অধিসূচিত কৰে, তেতিয়া কোনোটো সদনেই বিধেয়ক খনৰ কাৰ্য্যবাহীত আৰু আগ নেবাঢ়িব; কিন্তু ৰাষ্ট্ৰপতিয়ে তেওঁৰ অধিসূচনাৰ তাৰিখৰ পিচত যি কোনো সময়তে অধিসূচনাত বিনিৰ্দিষ্ট উদ্দেশ্যৰ বাবে যুটীয়া বৈঠকত সন্মিলিত হবৰ কাৰণে সদন কেইটাক আহ্বান কৰিব পাৰে আৰু যদি তেওঁ তেনে কৰে তেতিয়া সদন কেইটা সেই অনুসাৰে সন্মিলিত হ'ব। (৪) যদি দুয়োটা সদনৰ যুটীয়া বৈঠকত, বিধেয়ক খনৰ কোনো সংশোধনী থাকিলে সেই যুটীয়া বৈঠকত স্বীকৃত হোৱা এনে সংশোধন সহ, বিধেয়কখন উভয় সদনৰ উপস্থিত থকা আৰু ভোেট দিয়া সদস্যসকলৰ মুঠ সংখ্যাৰসংখ্যাগৰিষ্ঠতাৰদ্বাৰা পৰিত হয়, তেনেহলে এই সংবিধানৰ প্ৰয়োজনৰ বাবে সেই বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য কৰা হ'ব ঃ. পৰস্তু, যুটীয়া বৈঠকত —— (ক) যদি বিধেয়কখন এটা সদনৰ দ্বাৰা পাৰিত হৈ আনটো সদনৰ দ্বাৰা সংশোধন সহ পাৰিত " নহয় আৰু যিটো সদনত ইয়াৰ উৎপত্তি হৈছিল সেইসদনলৈ পুনঃ প্ৰেৰিত নহয়, তেনেহলে বিধেয়কখনৰ পালনত পলম হোৱাৰ বাবে আৱশ্যক হৈ উঠা সংশোধনৰ (যদিহে থাকে) 'বাহিৰে বিধেয়কত আন কোনো সংশোধন প্ৰস্তাৱিত হৱ; (খ) যদি বিধেয়কখন সেই প্ৰকাৰেপাৰিত হয় আৰু পুনঃ প্ৰেৰিত হয়, তেনেহলে কেৱল পূৰ্বোক্ত প্ৰকাৰৰ সংশোধন আৰু সদন কেইটা সন্মত হব নোৱাৰা বিষয়ৰ লগত সুসঙ্গত হোৱা আন এনে সংশোধনহে বিধেয়কখনত প্ৰস্তাৱিত হ'ব। আৰু এই খণ্ডৰ অধীনত কোনবোৰ সংশোধন গ্ৰাহ্য হব সেই সম্পৰ্কে বৈঠকত অধ্যক্ষতা কৰা ব্যক্তিৰ বিনিশ্চয়েই চূড়ান্ত হব। (৫) যুটীয়া বৈঠকত সন্মিলিত হোৱাৰ কাৰণে সদন কেইটাক আহ্বান কৰাৰ অভিপ্ৰায়ৰাষ্ট্ৰপতিয়ে অধিসূচিত কৰাৰ পিচত লোক সভাৰ বিঘটনে ব্যাহত কৰা সত্ত্বেও এই অনুচ্ছেদৰ অধীনত যুটীয়া বৈঠক হব পাৰে আৰু তাত কোনো বিধেয়ক পাৰিত হব পাৰে। .. ধন সম্পৰ্কীয় ১০৯।(১) ধন সম্পৰ্কীয় বিধেয়ক ৰাজ্য সভাত উত্থাপিত নকৰিব। বিধেয়কব সম্বন্ধত বিশেষ প্ৰক্ৰিয়া। (২) লোক সভাই ধন সম্পৰ্কীয় বিধেয়ক এখন পাৰিত কৰাৰ পিচত তাক ৰাজ্য সভালৈ চুপাৰিছৰ অৰ্থে প্ৰেৰণ কৰা হব আৰু ৰাজ্য সভাই বিধেয়কখন পোৰা তাৰিখৰ চৈধ্য দিনৰ কালাৱধিৰ ভিতৰত নিজৰ চুপাৰিছ সহ বিধেয়কখন লোক সভালৈ ঘূৰাই পঠাব আৰু তেতিয়া লোেক সভাই ৰাজ্য সভাৰ চুপাৰিছ সমূহৰ সকলোবোৰ বা যিকোনোটো গ্ৰহণ বা প্ৰত্যাখ্যান কৰিব পাৰে। (৩) যদি লোক সভাই ৰাজ্য সভাৰ চুপাৰিছ সমূহৰ কোনোটো গ্ৰহণ কৰে, তেনেহলে ৰাজ্য সভাই চুপাৰিছ কৰা আৰু লোক সভাই গ্ৰহণ কৰা সংশোধন সহ ধন সম্পৰ্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হৈছে বুলি গণ্য হব। (৪) যদি লোক সভাই ৰাজ্য সভাৰ চুপাৰিছ সমূহৰ কোনোটোকে গ্ৰহণনকৰে, তেনেহলেৰাজ্য সভাই চুপাৰিছা কৈানো সংশোধন বিনা লোক সভাই যি ৰূপত ইয়াক পাৰিত কৰে, সেই ৰূপতে ধন সম্পৰ্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হৈছে বুলি গণ্য হব। (৫) যদি লোক সভাৰ দ্বাৰা পাৰিত কৰা তথা ৰাজ্য সভালৈ চুপাৰিছৰ অৰ্থে প্ৰেৰিত কৰা ধন সম্পৰ্কীয় বিধেয়কখন চৈধ্য দিনৰ উক্ত কালাৱধিৰ ভিতৰত লোক সভালৈ পুনৰ প্ৰেৰিত নহয়, তেনেহলে উক্ত কালাৱধিৰ সমাপ্তিত যি ৰূপত লোক সভাৰ দ্বাৰা ইয়াক পাৰিত কৰা হৈছিল, সেই ৰূপতেই ই উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য হব।