পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান পঞ্চম ভাগ - সংঘ - অনুচ্ছেদ ১০৫-১০৮ (৪) এই সংবিধানৰ আধাৰত যিসকল ব্যক্তিয়ে সংসদৰ কোনো সদনত বা তাৰ কোনো সমিতিত কথা কবৰ বা আন প্ৰকাৰে তাৰ কাৰ্য্যবাহীত অংশ গ্ৰহণ কৰিবৰ অধিকাৰ পায় তেনে ব্যক্তিৰ সম্বন্ধত সংসদ সদস্য সকলৰ সম্বন্ধত প্ৰয়োগ হোৱাৰ নিচিনাকৈ খণ্ড (১), (২) আৰ (৩)ৰ উপবন্ধাবলী প্ৰয়োেগ হব। সদস্যসকলৰ বেতন আৰু ১০৬। সংসদে বিধিৰ দ্বাৰা সময়ে সময়ে নিৰ্দ্ধাৰণ কৰি দিয়া অনুসৰি বেতন আৰু ভাত্তা পাবলৈ, আৰ সেই সম্বন্ধত তেনে উপবন্ধ প্ৰস্তুত নোহোৱা পৰ্যন্ত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যবহিত পূৰ্বে ভাৰত ডমিনিয়নৰ সংবিধান সভাৰ সদস্য সকলৰ প্ৰতি প্ৰযোজ্য নিৰিখত আৰু চৰ্ত্তত ভাতা পাবলৈ সংসদৰ যিকোনোটো সদনৰ সদস্য সকল হকদাৰ হব। বিধান প্ৰক্ৰিয়া বিধেয়ক উত্থাপন আৰু পাৰিকৰণ সম্বন্ধীয় উপবন্ধাবলী। ১০৭ (১) ধন সম্পৰ্কীয় বিধেয়ক আৰু অন্যান্য বিত্তীয় বিধেয়কৰ বিষয়ত থকা অনুচ্ছেদ ১০৯ আৰু ১১৭ৰ উপবন্ধাবলী সাপেক্ষে, কোনো বিধেয়কৰ উৎপত্তি সংসদৰ যি কোনোটো সদনতে হব পাৰে। (২) অনুচ্ছেদ ১০৮ আৰ ১০৯ৰ উপবন্ধাবলী সাপেক্ষে উভয় সদনৰ দ্বাৰা বিনা সংশোধনেৰে অথবা উভয় সদনৰ দ্বাৰা কেবল যথা স্বীকৃত সংশোধন সহ, স্বীকৃত নোতোবা পৰ্যন্ত কোনো বিধেয়ক সংসদ সদন কেইটাৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য নহব। (৩) সদন কেইটাৰ সত্ৰাবসান হোবা হেতু সংসদত বিবেচনাধীন কোনো বিধেয়ক কালাতিগত নহব। (৪) ৰাজ্য সভাত বিবেচনাধীন হৈ থকা কিন্তু লোক সভাৰ দ্বাৰা পাৰিত নোহোৱা কোনো বিধেয়ক লোক সভাৰ বিঘটন হলে কালাতিগত নহব। ৫) লোক সভাৰ বিবেচনাধীন বালোক সভাৰ দ্বাৰা পাৰিত হৈ ৰাজ্য সভাত বিবেচনাধীন হৈ থকা কোনো বিধেয়ক অনুচ্ছেদ ১০৮ৰ উপবন্ধাবলী সাপেক্ষে, লোক সভাৰ বিঘটন হলে কালাতিগত হব। ১০৮ (১) যদি কোনো বিধেয়ক এটা সদনৰ দ্বাৰা পাৰিত হৈ আনটো সদনলৈ অভিপ্ৰেৰিত হোৱাৰ পিচত - কোনো কোনো অৱস্থাত উভয়সদনৰ যুটীয়া বৈঠক। (ক) আনটো সদনৰ দ্বাৰা বিধেয়কখন অগ্ৰাহ্য কৰা হয়; বা (খ) বিধেয়কখনত কৰিবলগা সংশোধন সম্পৰ্কে দুয়োটা সদন চূড়ান্ত ভাবে বিমত হয়; বা (গ) আনটো সদনৰ দ্বাৰা বিধেয়কখন প্ৰাপ্তিৰ তাৰিখৰ পৰা বিধেয়কখন পাৰিত নোহোৱাকৈয়ে ছয় মাহতকৈও অধিক কাল অতিবাহিত হয়; তেনেহলে ৰাষ্ট্ৰপতিয়ে, লোক সভাৰ বিঘটন হেতুকে বিধেয়কখন, কালাতিগত নহলে বিধেয়কৰ ওপৰত পৰ্যালোচনা আৰ ভোট দান কৰাৰ উদ্দেশ্যে যুটীয়া বৈঠকত সন্মিলিত হবৰ কাৰণে উভয় সদনক, যদি বৈঠকত থাকে তেনেহলে বাৰ্তাৰ দ্বাৰা আৰু যদি বৈঠকত নাথাকে তেনেহলে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা আহ্বান কৰিবলৈ তেওঁৰ অভিপ্ৰায় অধিসূচিত কৰিব পাৰে। পৰন্তু, এই খণ্ডৰ কোনো কথা ধন সম্পৰ্কীয় বিধেয়কত প্ৰযোজ্য নহব। (২ খণ্ড (১)ত যথা নিৰ্দেশিত ছমাহৰ কালছোবা সংগণনা কৰোতে যি কালছোৱাত উক্ত খণ্ডৰ উপখণ্ড (গত নিৰ্দেশিত সদনৰ সত্ৰাৱসান হয় বা একে লেঠাৰিয়ে চাৰি দিনতকৈও অধিক সদন স্থগিত ৰখা হয়, সেই কালছোবা লেখত লোবা নহব।