পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
ভাৰতৰ সংবিধান

পঞ্চম ভাগ — সংঘ — অনুচ্ছেদ ৯২-৯৬



সভাপতি বা উপ-সভাপতিক পদৰ পৰা অপসাৰণ কৰাৰ সংকল্প বিচাৰাধীন হৈ থকা কালত সভাপতি বা উপ-সভাপতিয়ে সভাপতিত্ব নকৰিব।  ৯২| (১) ৰাজ্য সভাৰ কোনো বৈঠকত যেতিয়া উপ-ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া সভাপতিয়ে বা উপ-সভাপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপ-সভাপতিয়ে উপস্থিত থাকিলেও সভাপতিত্ব নকৰিব, আৰু স্থান বিশেষে সভাপতি বা উপ-সভাপতি অনুপস্থিত থকা বৈঠকত অনুচ্ছেদ ৯১ৰ খণ্ড (২)ৰ উপবন্ধ সমূহ যেনেকৈ প্ৰযোজ্য হয় এনে প্ৰত্যেক বৈঠকৰ সম্পৰ্কত সেই উপবন্ধ সমূহ তেনেকৈ প্ৰযোজ্য হ'ব।

 (২) উপ-ৰাষ্ট্ৰপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনো সংকল্প বিচাৰাধীন হৈ থকা কালত ৰাজ্য সভাত কথা কবলৈ কিম্বা আন প্ৰকাৰে ইয়াৰ কাৰ্য্যবাহীত অংশ গ্ৰহণ কৰিবলৈ সভাপতিৰ ক্ষমতা থাকিব, কিন্তু অনুচ্ছেদ ১০০ত যিকোনো কথা থকা সত্ত্বেও এনে সংকল্প কিম্বা এনে কাৰ্য্যবাহীৰ কালত আন কোনো বিষয়ত ভোট দিবলৈ তেওঁ মুঠেই হকদাৰ নহব।


লোক সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ।  ৯৩| লোক সভাই যথা সম্ভব শীঘ্ৰে সদনৰ দুজন সদস্যক যথাক্ৰমে ইয়াৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বাছি লব, আৰু যেতিয়াই অধ্যক্ষ বা উপাধ্যক্ষপ পদ ৰিক্ত হয় তেতিয়াই সদনে আন এজন সদস্যক অধ্যক্ষ বা স্থানবিশেষে উপাধ্যক্ষ বাছি ল’ব।


লোক সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ।  ৯৪| লোক সভাৰ অধ্যক্ষ বা উপাধ্যক্ষ ৰূপে পদ ধাৰণ কৰি থকা সদস্যই--

  (ক) যদি, তেওঁ লোক সভাৰ সদস্য নোহোৱা হয় তেনেহলে তেওঁৰ পদ ৰিক্ত কৰি দিব।

  (খ) যদি তেওঁ অধ্যক্ষ হয় তেনেহলে উপাধ্যক্ষলৈ, আৰু যদি উপাধ্যক্ষ হয় তেনেহলে অধ্যক্ষলৈ সম্বোধন কৰি যিকোনো সময়তে স্বহস্তাক্ষৰেৰে লিখিত ভাবে নিজৰ পদত্যাগ কৰিব পাৰে, আৰু

  (গ) লোক সভাৰ তত্কালীন সমূহ সদস্য সংখ্যাধিক্যৰ দ্বাৰা গৃহীত কোনো সংকল্পৰ দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিবঃ

 পৰন্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্ৰায় জনাই অন্ততঃ চৈধ্য দিনৰ আগতে সূচনা নিদিয়াকৈ খণ্ড (গ)ৰ প্ৰয়োজনৰ বাবে তেনে কোনো সংকল্প উপস্থাপিত কৰিব নোৱাৰিবঃ

 অধিকন্তু, লোক সভাৰ যেতিয়াই বিঘটন হয় তেতিয়াই বিঘটনৰ পৰৱৰ্তী লোক সভাৰ প্ৰথম বৈঠক বহাৰ ঠিক পূৰ্ব কাললৈকে অধ্যক্ষই তেওঁৰ পদ ৰিক্ত নকৰিব।


অধ্যক্ষ ৰূপে কাৰ্য্য চলাবলৈবা সেই পদৰ কৰ্ত্তব্য পালন কৰিবলৈ উপাধ্যক্ষ বা আন লোকৰ ক্ষমতা  ৯৫| (১) যেতিয়াই অধ্যক্ষ পদ ৰিক্ত হয় তেতিয়াই সেই পদৰ কৰ্ত্তব্য সমূহ উপাধ্যক্ষই বা যদি উপাধ্যক্ষ পদো ৰিক্ত হয় তেতিয়া ৰাষ্ট্ৰপতিয়ে সেই উদ্দেশ্যে নিযুক্ত কৰা লোক সভাৰ আন কোনো সদস্যই পালন কৰিব।

 (২) লোক সভাৰ কোনো বৈঠকত অধ্যক্ষ অনুপস্থিত থাকিলে উপাধ্যক্ষই, বা তেৱোঁ যদি অনুপস্থিত থাকে তেনেহলে সদনৰ প্ৰক্ৰিয়াৰ নিয়মাবলীৰ দ্বাৰা যথা নিৰ্দ্ধাৰিত আন উপাধ্যক্ষ বা আন কোনো ব্যক্তিয়ে, বা যদি এনে কোনো ব্যক্তি উপস্থিত নেথাকে তেনেহলে সদনৰ দ্বাৰা যথা নিৰ্দ্ধাৰিত আন কোনো ব্যক্তিয়ে অধ্যক্ষ ৰূপে কাৰ্য্য চলাব।


পদৰ পৰা অপসাৰণৰ বাবে কোনো সংকল্প বিচাৰাধীন হৈ ধকা কালত অধ্যক্ষ বা উপাধ্যক্ষই সভাপতিত্ব নকৰিব।  ৯৬| (১). লোক সভাৰ কোনো বৈঠকত যেতিয়া অধ্যক্ষক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া অধ্যক্ষই, বা যেতিয়া উপাধ্যক্ষক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপাধ্যক্ষই উপস্থিত থাকিলেও সভাপতিত্ব নকৰিব, আৰ স্থান বিশেষে অধ্যক্ষ বা উপাধ্যক্ষ অনুপস্থিত থকা বৈঠকত অনুচ্ছেদ ৯৫ খণ্ড (২)ৰ উপবন্ধ সমূহ যেনেকৈ প্ৰযোজ্য হয় এনে প্ৰত্যেক বৈঠকৰ সম্পৰ্কত সেই উপবন্ধ সমূহ তেনেকৈ প্ৰযোজ্য হব।

 (২) অধ্যক্ষক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনো সংকল্প বিচাৰাধীন হৈ থকা কালত লোক সভাত কথা কবলৈ বা আন প্ৰকাৰে ইয়াৰ কাৰ্য্যবাহীত অংশ গ্ৰহণ কৰিবলৈ অধ্যক্ষৰ অধিকাৰ থাকিব কিন্তু অনুচ্ছেদ ১০০ত যিকোনো কথা থকা সত্ত্বেও এনে সংকল্পত কিম্বা কাৰ্য্যবাহীৰ কালত আন কোনো বিষয়ত কেৱল প্ৰথমতঃ তেওঁৰ ভোট দানৰ হক্ থাকিব; কিন্তু ভোটৰ সমতাৰ ক্ষেত্ৰত এনে হক্ নেথাকিব।