পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
ভাৰতৰ সংবিধান

পঞ্চম ভাগ — সংঘ — অনুচ্ছেদ ৮৭-৯১


 (২) যিকোনো সদনৰ প্ৰক্ৰিয়াৰ বিনিয়ামক নিয়মাবলীৰ দ্বাৰা এনে অভিভাষণত নিৰ্দ্দেশিত বিষয় সমূহৰ আলোচনাৰ বাবে সময় ৰাখিবৰ কাৰণে [* * * *] উপবদ্ধ কৰিব লাগিব।

সদনৰ সম্পৰ্কত মন্ত্ৰীবৰ্গ আৰু মহান্যায়বাদীৰ অধিকাৰ।  ৮৮| যিকোনোটো সদনত, দুয়োটা সদনৰ যুটীয়া বৈঠকত আৰু সংসদৰ যি কমিটিৰ সদস্য হিচাপে তেওঁৰ নাম দিয়া হয় সেই কমিটিৰ প্ৰত্যেকজন মন্ত্ৰীৰ আৰু ভাৰতৰ মহান্যায়বাদীৰ কথা কবৰ বা আন প্ৰকাৰে কাৰ্যবাহীত অংশ গ্ৰহণ কৰিবৰ অধিকাৰ থাকিব, কিন্তু এই অনুচ্ছেদৰ বলত ভোট দিবলৈ তেওঁৰ হক্ নহব।


সংসদৰ পদাধিকাৰীসকল


ৰাজ্যসভাৰ সভাপতি আৰু উপসভাপতি।  ৮৯| (১) ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ পদেন সভাপতি হব।

 (২) ৰাজ্য সভাই, যথা সম্ভব শীঘ্ৰে ৰাজ্য সভাৰ সদস্য এজনক তাৰ উপ-সভাপতি ৰূপে বাছি লব আৰ উপ-সভাপতি পদ যেতিয়াই ৰিক্ত হয় তেতিয়াই আন এজন সদস্য ইয়াৰ উপ-সভাপতি ৰূপে বাছি লব।


উপ-সভাপতি পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ।  ৯০l ৰাজ্য সভাৰ উপ-সভাপতি পদ ধাৰণ কৰা সদস্য জনে--

 (ক) যদি তেওঁ ৰাজ্য সভাৰ সদস্য নোহোবা হয় তেনেহলে তেওঁৰ পদ ৰিক্ত কৰি দিব;

 (খ) যিকোনো সময়তে সভাপতিক সম্বোধন কৰি স্বহস্তাক্ষৰেৰে লিখি দি পদত্যাগ কৰিব পাৰে; আৰু

 (গ) ৰাজ্য সভাৰ তত্কালীন সমূহ সদস্যৰ সংখ্যাধিক্যৰ দ্বাৰা পাৰিত কোনো সংকল্পৰ দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব।

 পৰন্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্ৰায় জনাই অন্ততঃ চৈধ্য দিনৰ আগতে সূচনা নিদিয়াকৈ উপখণ্ড (গ)ৰ প্ৰয়োজনৰ বাবে তেনে কোনো সংকল্প উপস্থাপিত কৰিব নোৱাৰিব।


সভাপতি পদৰ কৰ্ত্তব্যসমূহ পালন কৰিবলৈ অথবা সভাপতি ৰূপে কাৰ্য্য চলাবলৈ উপ-সভাপতি বা আন কোনো ব্যক্তিৰ ক্ষমতা।  ৯১| (১) যেতিয়ানেকি সভাপতি পদ ৰিক্ত হৈ থাকে বা যি সময়ছোৱাত উপ-ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰে কিম্বা ৰাষ্ট্ৰপতিৰ কৃত্য নিৰ্বহন কৰে তেতিয়া সভাপতি পদৰ কৰ্ত্তব্য সমূহ উপ-সভাপতিয়ে পালন কৰিব আৰু যদি উপ-সভাপতি পদটোও ৰিক্ত হৈ থাকে তেতিয়া ৰাষ্ট্ৰপতিয়ে সেই প্ৰয়োজনৰ নিমিত্তে নিযুক্ত কৰা ৰাজ্য সভাৰ যিকোনো সদস্যই সভাপতি পদৰ কৰ্তব্য সমূহ পালন কৰিব।



 (২) ৰাজ্য সভাৰ কোনো বৈঠকত সভাপতি অনুপস্থিত থাকিলে উপ-সভাপতিয়ে বা তেৱোঁ যদি অনুপস্থিত থাকে তেনেহলে ৰাজ্য সভাৰ প্ৰক্ৰিয়াৰ নিয়মাৱলীৰ দ্বাৰা যথা নিৰ্দ্ধাৰিত আন কোনো ব্যক্তিয়ে বা যদি এনে কোনো ব্যক্তি উপস্থিত নাথাকে ভেনেহলে ৰাজ্য সভাৰদ্বাৰা যথা নিৰ্দ্ধাৰিত কোনো ব্যক্তিয়ে সভাপতিৰূপে কাৰ্য্য কৰিব।


 ১৷ সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ৭ ধাৰাৰ দ্বাৰা “আৰু সদনৰ আন কাৰ্য্যৰ ওপৰত এনে আলোচনাৰ পূৰ্বৱৰ্ত্তিতা দিবৰ কাৰণে” এই শব্দ সমূহ লোপ কৰা হৈছে।