পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
ভাৰতৰ সংবিধান

পঞ্চম ভাগ—সংঘ—অনুচ্ছেদ ৮৪-৮৭


 ৮৪| কোনো ব্যক্তি সংসদৰ কোনো আসন পূৰ্ণ কৰিবৰ কাৰণে বাছনিৰ অৰ্হ নহব যদিহে তেওঁ—


সংসদ সদস্য পদৰ বাবে অৰ্হতা।  [(ক) ভাৰতৰ নাগৰিক নহয়, আৰু নিৰ্বাচন আয়োগৰ দ্বাৰা এই নিমিত্তে প্ৰাধিকৃত কোনো ব্যক্তিৰ আগত তৃতীয় অনুসূচীত এই প্ৰয়োজনৰ বাবে দিয়া প্ৰপত্ৰ অনুসাৰে শপত গ্ৰহণ বা প্ৰতিজ্ঞান নকৰে আৰু তাত হস্তাক্ষৰ নকৰে; ]

 (খ) ৰাজ্য সভাৰ আসনৰ ক্ষেত্ৰত অনান ত্ৰিশ বছৰ আৰু লোক সভাৰ আসনৰ ক্ষেত্ৰত অনান পঁচিশ বছৰ বয়স প্ৰাপ্ত নহয়; আৰু

 (গ) সংসদৰ দ্বাৰা প্ৰস্তুত কোনো বিধিৰ দ্বাৰা বা অধীনত এই মৰ্মে বিহিত কৰি দিয়া অন্যান্য তেনে অহৰ্তা সম্পন্ন নহয়।


সংসদৰ অধিবেশনসমূহৰ সত্ৰাৱসান আৰু বিঘটন।  [৮৫| (১) ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে সংসদৰ প্ৰত্যেক সদনকে, তেওঁ যি সময়ত আৰু স্থানত উচিত বুলি ভাবে তেনে সময়ত আৰু স্থানত বৈঠকৰ বাবে আহ্বান কৰিব, কিন্তু ইয়াৰ কোনো অধিবেশনৰ অন্তিম বৈঠক আৰু তাৰ পৰবৰ্ত্তী অধিবেশনৰ প্ৰথম বৈঠকৰ বাবে নিৰ্দিষ্ট তাৰিখৰ মাজৰ ব্যবধান ছমাহ হব নোৱাৰিব।

 (২) ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে ----

 (ক) উভয় সদনৰ বা যিকোনো সদনৰ সত্ৰাৱসান কৰিব পাৰে;

 (খ) লোক সভা বিঘটন কৰিব পাৰে। ]


সদনত অভিভাষণ দিবলৈ আৰু বাণী পঠাবলৈ ৰাষ্ট্ৰপতিৰ অধিকাৰ।  ৮৬| (১) ৰাষ্ট্ৰপতিয়ে সংসদৰ যিকোনোটো সদনত বা একেলগে সমবেত হোৱা উভয় সদনতে, অভিভাষণ দিব পাৰে আৰু সেই উদ্দেশ্যে সদস্য সকলৰ উপস্থিতি বিচাৰিব পাৰে।

 (২) সংসদত তত্কালীন বিবেচনাধীন কোনো বিধেয়কৰ বিষয়েই হওক বা আন বিষয়েই হওক ৰাষ্ট্ৰপতিয়ে সংসদৰ যিকোনোটো সদনলৈ বাণী প্ৰেৰণ কৰিব পাৰে আৰু যিটো সদনলৈ কোনো বাণী এনে প্ৰকাৰে প্ৰেৰিত হয়, সেই সদনে যিমান শীঘ্ৰে সুবিধা হয় সিমান শীঘ্ৰে সেই বাণী অনুযায়ী বিচাৰৰ বাবে অপেক্ষিত যিকোনো বিষয়ৰ বিচাৰ কৰিব।


ৰাষ্ট্ৰপতিৰ দ্বাৰা বিশেষ অভিভাষণ।  ৮৭| (১) [লোক সভাৰ বাবে হোৱা প্ৰত্যেকটো সাধাৰণ নিৰ্বাচনৰ পিচত বহা প্ৰথম অধিবেশনৰ] প্ৰাৰম্ভণিতে আৰু প্ৰত্যেক বছৰৰ প্ৰথম অধিবেশনৰ প্ৰাৰম্ভণিতে একেলগে সমবেত হোৱা সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিয়ে অভিভাষণ দিব আৰু সংসদ আহ্বান কৰাৰ কাৰণ সমূহ সংসদক জনাব।



 ১| সংবিধান (ষষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ৰ ৩ ধাৰাৰ দ্বাৰা মূল (ক) খণ্ডৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত।


 ২| সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ৬ ধাৰাৰ দ্বাৰা মূল অনুচ্ছেদৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত।


 ৩৷ সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ৭ ধাৰাৰ দ্বাৰা “প্ৰত্যেক সত্ৰ’’ৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত।