পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৮ ভাৰতৰ সংবিধান পঞ্চম ভাগ - সংঘ - অনুচ্ছেদ ৮০-৮১

(৪) ৰাজ্য সভাৰ কাৰণে ২ * *] প্ৰত্যেকখন ৰাজ্যৰ প্ৰতিনিধি সেই ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচিত সদস্য সমূহৰ দ্বাৰা আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্ৰমণীয় ভেটৰ দ্বাৰা নিৰ্বাচিত হব। (৫) ৰাজ্য সভাৰ কাৰণে সংঘ-ৰাজ্যক্ষেত্ৰ সমূহৰ প্ৰতিনিধি বৰ্গক সংসদে বিধিৰ দ্বাৰা যি ৰীতি বিহিত কৰি দিয়ে সেই ৰীতিৰে বাছি লোৱা হব। লোক সভাৰ গঠন। ৩৮১ (১) অনুচ্ছেদ ৩৩১ৰ উপবন্ধ সমূহৰ সাপেক্ষে ৭ * *] (ক) ৰাজ্য সমূহৰ প্ৰাদেশিক নিৰ্বাচন সমষ্টি সমূহৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত অনধিক পাঁচশ পচিশজন সদস্য আৰু (খ) সংঘ ৰাজ্যক্ষেত্ৰ সমৃহক প্ৰতিনিধিত্ব কৰিবলৈ সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰা ৰীতি অনুসৰি নিৰ্বাচিত অনধিক “বিশ জন সদস্যক লৈ লোক সভা গঠিত হ'ব। (২ খণ্ড (১) ৰ উপখণ্ড (ক)ৰ প্ৰয়োজনৰ বাবে - (ক) প্ৰত্যেক ৰাজ্যৰ কাৰণে লোকসভাৰ আসনৰ সংখ্যা এনে ধৰণৰে কটন কৰা হব যাতে সেই সংখ্যা আৰু ৰাজ্যখনৰ জনসংখ্যাৰ মাজৰ অনু পাত সকলো ৰাজ্যৰ বাবে যথাসাধ্য একে হয়; আৰ (খ) প্ৰত্যেকখন ৰাজ্যকে এনে ধৰণেৰে প্ৰাদেশিক নিৰ্বাচন সমষ্টিত ভাগ কৰা ৰে যাতে প্ৰত্যেক সমষ্টিৰ জনসংখ্যা আৰু তাৰ বাবে আবণ্টিত আসন সংখ্যাৰ মাজৰ অনুপাত সমস্ত ৰাজ্যতে যথাসাধ্য একে হয়? পৰস্তু, কোনো ৰাজ্যৰ জনসংখ্যা ষাঠিলাখৰ অধিক নোহোৱা পৰ্যন্ত সেই ৰাজ্যৰ বাবে লোকসভাৰ আসন আকন্টনৰ প্ৰয়োজনৰ বাবে এই খণ্ডৰ (ক) উপখণ্ডৰ উপবন্ধ সমূহ প্ৰযোজ্য। নহব।] ১৷ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৩ ধাৰাৰ দ্বাৰা “প্ৰথম অনুসূচীৰ 'ক' কিম্বা ‘গ’ ভাগত বিনিৰ্দিষ্ট” এই শবদ আৰু অক্ষৰ সমূহ লোপ কৰা হৈছে। ২ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৩ ধাৰাৰ দ্বাৰা “প্ৰথম অনুসূচীৰ (গ) ভাগত বিনিৰ্দিষ্ট ৰাজ্য সমূহৰু” পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৪ ধাৰাৰ দ্বাৰা মূল ৮১ আৰ ৮২ অনুচ্ছেদৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ৪ অনুচ্ছেদ ৮১ খণ্ড (১) সংবিধান (পঞ্চত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৪ৰ ধাৰা ৪ আৰু সংবিধান (ষষ্ঠত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ ধাৰা ৫ৰ দ্বাৰা পুনঃসংশোধিত কৰা হৈছে। ৫ সংবিধান (একত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৩ৰ ২ ধাৰাৰ দ্বাৰা উপখণ্ড (ক) আৰ (খতি ক্ৰমে “পাঁচশ জন সদস্য” আৰু “পচিশ জন সদস্য”ৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ৬! সংবিধান (একত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৩ৰ ধাৰা বৰ দ্বাৰা অন্তঃস্থাপিত।