পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ ভাৰতৰ সংবিধান পঞ্চম ভাগ -সংঘ অনুচ্ছেদ ৭৫-৭৭ মন্ত্ৰীবৰ্গ সম্বন্ধীয় অন্যান্য উপবন্ধাবলী। ৭৫ (১) প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হব আৰু অন্যান্য মন্ত্ৰীসকল প্ৰধানমন্ত্ৰী মন্ত্ৰণানুসাৰে ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত হব। (২) মন্ত্ৰীসকলে ৰাষ্ট্ৰপতিৰ প্ৰসাদ পৰ্যন্ত পদ ধাবণ কৰিব। (৩) মন্ত্ৰী-পৰিষদ সমূহীয়াভাবে লোকসভাৰ ওচৰত উত্তৰদায়ী হন। (৪) কোনো মন্ত্ৰীয়ে নিজ পদ গ্ৰহণ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে তৃতীয় অনুসূচীত- এই প্ৰয়োজনৰ বাবে দিয়া প্ৰপত্ৰ অনুসাৰে তেওঁক তেওঁৰ পদৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ - কৰাব। (৫) কোনো মন্ত্ৰী একে লেঠাৰিয়ে ছমাহ কালৰ কাৰণে সংসদৰ কোনোটো সদনৰ সদস্য হলে, সেই কালছোবল অবসান হলে তেওঁ মন্ত্ৰী হৈ নেথাকি। (৬) সময়ে সময়ে সংসদে বিধিব দ্বাৰা যেনে নিৰ্ধাৰিত কৰে, মন্ত্ৰী সকলৰ বেতন আৰু ভাত্তা তেনে হব আৰু সংসদে তেনে নিৰ্ধাবিত নকৰা পৰ্য্যন্ত দ্বিতীয় অনুসূচীত যেতে বিনিৰ্দিষ্ট আছে তেনে হব। ভাৰতৰ মহান্যায়বাদী। ভাৰতৰমহা- ন্যায়বাদী। ৭৬৷ ১) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হোবাৰ অৰ্হতা সম্পন্ন এজন ব্যক্তিক, বাষ্ট্ৰপতিয়ে ভাৰতৰ মহান্যায়বাণী নিযুক্ত কৰিব। (২) ৰাষ্ট্ৰপতিয়ে সময়ে সময়ে নিৰ্দেশিত কৰা বা নাস্ত কৰা বিধি সম্বন্ধীয় বিষয়ত ভাৰত চৰকাৰক মন্ত্ৰণা দিয়া আৰু বিধিগত লক্ষণ থকা আন তেনে কৰ্তব্য পালন কৰা আৰু এই সংবিধান অথবা আন কোনো তৎসময় বলবত্ থকা বিধিৰ দ্বাৰা বা অধীনত তেওঁৰ ওপৰত অৰ্পণ কৰা কৃত্যৰ নিৰহন কৰা মহান্যায়বাদীৰ কৰ্তব্য হব। (৩) নিজ কৰ্তব্য পালনৰ নিমিত্তে ভাৰতৰ ৰাজ্যক্ষেত্ৰত থকা সকলো ন্যায়ালয়তে মহান্যায়বাদীৰ শুনোবাৰ অধিকাৰ থাকিব। (৪) মহান্যায়বাদীয়ে ৰাষ্ট্ৰপতিৰ প্ৰসাদ পৰ্য্যক্ত পদ ধাৰণ কৰিব আৰ ৰাষ্ট্ৰপতিয়ে যিদৰে নিৰ্ধাৰিত কৰে সেইদৰে পাৰিশ্ৰমিক পাব। চৰকাৰী কাৰ্য্য পৰিচালনা ভাৰত চৰকাৰৰ কাৰ্য্যৰ পৰিচালনা। ৭৭ (১) ভাৰত চৰকাৰৰ সকলো বিলাক কাৰ্য্যপালিকা কাৰ্যবাহী ৰাষ্ট্ৰপতিৰ নামত হোৱা বুলি অভিব্যক্ত হব। (২) ৰাষ্ট্ৰপতিৰ নামত দিয়া আৰু নিম্পাদিত হোবা আদেশ আৰ অন্যান্য লেখ্য সমূহ ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰস্তুত কৰা, নিয়মাবলীত ১ বিনিৰ্দিষ্ট ৰীতিৰে প্ৰমাণীকৃত হব আৰ এনে প্ৰকাৰে প্ৰমাণীকৃত আদেশ বা লেখাৰ মান্যতা সম্পৰ্কে এই হেতুৰ ওপৰত আপত্তি তুলিব নোবাৰিব যে তেনে আদেশ বা লেখ্য ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰস্তুত বা নিম্পাদিত হোৱা নাই। (৩) ভাৰত চৰকাৰৰ কাৰ্য্য অধিক সুবিধাজনক ভাবে সম্পাদন কৰাৰ অৰ্থে আৰু। উক্ত কাৰ্য্য মন্ত্ৰীসকলৰ মাজত ভগাই দিয়াৰ কাৰণে ৰাষ্ট্ৰপতিয়ে নিয়মাবলী প্ৰস্তুত কৰিব।

  • ]

১ অধিসূচনা নং এচ, ও, ২২৯৭ তাং ৩ নবেম্বৰ, ১৯৫৮, ভাৰতৰ ৰাজপত্ৰ, অসাধাৰণ সংখ্যা ১৯৫৮, ভাগ ২ থও (২), পৃষ্ঠা ১৩৯৫ দ্ৰষ্টব্য। ২ খণ্ড (৪) সংবিধান, (ছাচত্বাৰিংশ সংশোধন) আধনিয়ম, ১৯৭৬ৰ দ্বাৰা অন্তঃস্থাপিত কৰা হৈছিল আৰু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ দ্বাৰা সোপ কৰা হয়।