পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৰতৰ সংবিধান

প্ৰস্তাৱনা


আমি ভাৰতৰ লোক সমূহে ভাৰতক এখন
সাৰ্ব্বভৌম সমাজবাদী, ধৰ্ম্মনিৰপেক্ষ
লোকতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন
কৰিবলৈ, তথা ইয়াৰ সকলো নাগৰিকৰ
বাবে:
সামাজিক,অৰ্থনৈতিক আৰু ৰাজনৈতিক
 ন্যায়;
চিন্তা, অভিব্যক্তি, বিশ্বাস, ধৰ্ম আৰু
 উপাসনাৰ স্বাধীনতা;
প্ৰতিষ্ঠা আৰু সুযোগৰ সমতা
লাভ কৰিবলৈ;
আৰু তেওঁলোকৰ সকলোৰে মাজত—
ব্যক্তিৰ মৰ্য্যাদা তথা জাতীয় ঐক্য আৰু
সংহতি সুনিশ্চিতকাৰী ভাতৃভাৱ
বৃদ্ধি কৰিবলৈ
নিষ্ঠা সহকাৰে সংকল্প কৰি—
আমাৰ এই সংবিধান সভাত
আজি ১৯৪৯ চনৰ নবেম্বৰ মাহৰ
ষষ্ঠবিংশ দিৱসত ইয়াৰ দ্বাৰা
এই সংবিধান গ্ৰহণ কৰিছোঁ,
অধিনিয়মিত কৰিছোঁ আৰু
নিজতে অৰ্পণ কৰিছোঁ।