পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

9 ভাৰতৰ সংবিধান তৃতীয় ভাগ - মৌলিক অধিকাৰ অনুচ্ছেদ ১৯ স্বতন্ত্ৰতাৰ অধিকাৰ ১৯৷ (১) সকল নাগৰিকৰে এইবোৰত অধিকাৰ থাকিব - (ক) বাক আৰ অভিব্যক্তি, স্বতন্ত্ৰতা; (খ) শান্তিপূৰ্ণ ভাবে আৰু বিনা অস্ত্ৰে গোট খোবা; (গ) সংস্থা বা সংঘ গঠন কৰা; বা স্বতন্ত্ৰতা আদি বিষয়ক কিছুমান অধিকাৰ সংৰক্ষণ। (ঘ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সৰ্বত্ৰ অবাধ চলাচল কৰা; (ঙ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো অংশত থকামেলা আৰু বসতি কৰা; আৰু ] য

  • ]

ছে) যিকোনো বৃত্তি চলোবা, কিম্বা যিকোনো উপজীবিকা, বেহা-বেপাৰ বা কাৰবাৰ চলোৱা। গ(২ খণ্ড (১ৰি উপখণ্ড (ক)ৰ কোনো কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্ৰদত্ত অধিকাৰ প্ৰয়োগৰ ওপৰত, ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতাৰ) ৰাজ্যৰ নিৰাপত্তাৰ, বিদেশী ৰাজ্যৰ লগত মৈত্ৰীপূৰ্ণ সম্বন্ধব, সাৰ্বজনিক শৃঙ্খলাব, শিষ্টাচাৰৰ বা সদাচাৰৰ হিতৰ বাবে অথবা ন্যায়ালয়- অবমাননা, মানহানি বা অপৰাধ প্ৰৰোচনা সম্পৰ্কত, কোনো বৰ্তমান বিধিয়ে যি পৰ্যন্ত যুক্তিযুক্ত নিবন্ধন আৰোপ কৰে সেই পৰ্যন্ত তাৰ প্ৰবৰ্তনত প্ৰভাৱ নেপেলাব অথবা এনে কোনো বিধি প্ৰস্তুত কৰাত ৰাজ্যক বাধা নিদিব।] (৩) উক্ত খণ্ডৰ (খ) উপখণ্ডৰ কোনো কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্ৰদত্ত অধিকাৰ প্ৰয়োগৰ ওপৰত, ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতাৰ অথবা সাৰ্বজনিক শৃঙ্খলাৰ হিতৰ বাবে কোনো বৰ্তমান বিধিয়ে যি পৰ্য্যন্ত যুক্তিযুক্ত নিবন্ধন আৰোপ কৰে সেই পৰ্যন্ত তাৰ প্ৰবৰ্তনত প্ৰভাব নেপেলাব অথবা এনে কোনো বিধি প্ৰস্তুত কৰাত ৰাজ্যক বাধা নিদিব 1 (৪) উক্ত খণ্ডৰ (গ): উপখণ্ডৰ কোনো কথাই উক্ত উপখণ্ডৰ দ্বাৰা প্ৰদত্ত অধিকাৰ প্ৰয়োগৰ ওপৰত ভাৰতৰ প্ৰভূত্ব আৰু অখণ্ডতাৰ অথবা সাৰ্বজনিক শৃঙ্খলা বা সদাচাৰৰ হিতৰ বাবে, কোনো বৰ্তমান বিধিয়ে যি পৰ্যন্ত যুক্তিযুক্ত নিবন্ধন আৰোপ কৰে সেই পৰ্যন্ত তাৰ প্ৰবৰ্তনত প্ৰভাব নেপেলাব অথবা এনে কোনো বিধি প্ৰস্তুত কৰাত ৰাজ্যক বাধা নিদিব। ৫) উক্ত খণ্ডৰ (ঘ), আৰ (ঙ) উপখণ্ড] সমূহৰ কোনো কথাই উক্ত উপখণ্ড সমূহৰ দ্বাৰা প্ৰদত্ত অধিকাৰ সমূহৰ যিকোনোটোৰ প্ৰয়োগৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ হিতৰ বাবে নাইবা কোনো, অনুসূচিত জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে, কোনো বৰ্তমান বিধিয়ে যি পৰ্যন্ত যুক্তিযুক্ত নিৰ্বধন আবোপ কৰে সেই পৰ্যন্ত তাৰ প্ৰবৰ্তনত প্ৰভাৱ নেপেলাব অথবা এনে কোনো বিধি প্ৰস্তুত কৰাত ৰাজ্যক বাধা নিদিব। ১৷ সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত (২০-৬-৭৯ তাংৰ পৰা)। ২ উক্ত অধিনিয়মৰ উক্ত ধাৰাৰ দ্বাৰা উপখণ্ড (চ) লোপ হৈছে (২০-৬-৭৯ তাংৰ পৰা।) ৩৷ সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ধাৰা ৩ৰ দ্বাৰা মূল খণ্ড(২ৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত (ভূতলক্ষী প্ৰভাবসহ)। ৪। সংবিধান (ষষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ৰ ধাৰা ২ৰ দ্বাৰা অন্তঃস্থাপিত। ৫। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২ৰ দ্বাৰা (ঘ), (ঙ) আৰু (চ) উপখণ্ডৰ পৰিবৰ্ত্তে প্ৰতিষ্ঠাপিত ২০-৬-৭৯ তাংৰ পৰা)।