পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ভাৰতৰ সংবিধান তৃতীয় ভাগ মৌলিক অধিকাৰ —অনুচ্ছেদ ১৫-১৮ (৩) তিৰোতা আৰ ল'ৰা ছোৱালীৰ বাবে বিশেষ উপবন্ধ প্ৰস্তুত কৰাৰ পৰা এই অনুচ্ছেদৰ কোনো কথাই ৰাজ্যক বাধা নিদিয়ে। শ} এই অনুচ্ছেদ বা অনুচ্ছেদ ২৯ৰ খণ্ড ২ৰ কোনো কথা সামাজিক ভাবে আৰ শিক্ষাৰ ফালৰ পৰা পিচ পৰা শ্ৰেণীৰ নাগৰিক সমূহৰ উন্নতিৰ বাবে অথবা অনুসূচিত জাতি সমূহৰ আৰু অনুসূচিত জনজাতি সমূহৰ বাবে কোনো বিশেষ উপবন্ধ কৰাত ৰাজ্যক বাধা নিদিয়ে।] চৰকাৰী নিয়োগৰ বিষয়ত সুযোগৰ সমতা। ১৬ (১) ৰাজ্যৰ অধীনস্থ কোনো পদত নিয়োজন বা নিযুক্তিৰ বিষয়ত সকলোবোৰ . নাগৰিকৰ বাবে সুযোগৰ সমতা থাকিব। .:.(২) কেবল ধৰ্ম, জাতি, বৰ্ণ, লিংগ, উদ্ভব, জন্মস্থান, বাসস্থান বা তাৰ যেই কোনো এটাৰ হেতুকে ৰাজ্যৰ অধীনস্থ কোনো নিয়োজন বা পদৰ বাবে কোনো নাগৰিকেই অপাত্ৰ বা বিভেদীকৃত নহব। (৩) (কোনো ৰাজ্য চৰকাৰ বা কোনো সংঘ ৰাজ্য চৰকাৰৰ অথবা তাৰ অন্তৰ্গত কোনো স্থানীয় বা অন্য প্ৰাধিকাৰীৰ অধীনস্থ কোনো এক শ্ৰেণীৰ বা শ্ৰেণীসমূহৰ পদত নিয়োজন বা নিযুক্তিৰ সম্পৰ্কত তেনে নিয়োজন বা নিযুক্তিৰ পূৰ্বে সেই ৰাজ্যৰ বা সংঘ ৰাজ্যৰ অন্তৰ্গত নিবাস বিষয়ক কোনো আবশ্যকতা বিহিত কৰি বিধি প্ৰস্তুত কৰাৰ পৰা এই অনুচ্ছেদত থকা কোনো কথাই সংসদ নিবাৰণ কৰিব নোবাৰিব। (৪) ৰাজ্যৰ মতে কোনো পিচপৰা শ্ৰেণীৰ নাগৰিক সকল যদি ৰাজ্যৰ সেবা সমূহত, উপযুক্ত পৰিমাণে প্ৰতিনিধিত্ব প্ৰাপ্ত হোৱা নাই তেনেহলৈ তেওঁলোকৰ অনুকূলে পদ" ৰক্ষাৰ্থে বা নিযুক্তি সম্পৰ্কে কোনো উপবন্ধ প্ৰস্তুত কৰাৰ পৰা এই অনুচ্ছেদৰ কোনো কথাই ৰাজ্যক নিবাৰণ নকৰিব। অ৪েক) ৰাজ্যৰ মতে কোনো অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ লোক সকল যদি ৰাজ্যৰ সেবা সমূহৰ কোনো এক শ্ৰেণীৰ বা শ্ৰেণী সমূহৰ পদত পদোন্নতিৰ বিষয়ত উপযুক্ত পৰিমানে প্ৰতিনিধিত্ব প্ৰাপ্ত হোৱা নাই তেনেহলে তেওঁলোকৰ অনুকুলে আৰক্ষণৰ বাবে কোনো উপবন্ধ প্ৰস্তুত কৰাৰ পৰা এই অনুচ্ছেদৰ কোনো কথাই ৰাজ্যক নিবাৰণ নকৰিব।] ৫) কোনো ধৰ্মমূলক বা সম্প্ৰদায়মূলক সংস্থাৰ কাৰ্য্যাবলীৰ সম্বদ্ধত থকা কোনো , পদধাৰীয়ে বা তাৰ পৰিচালক মণ্ডলীৰ কোনো সদস্যই কোনো এক বিশেষ ধৰ্ম মানিব কিম্বা, কোনো এক বিশেষ সম্প্ৰদায়ৰহে অনুবৰ্তী হব লাগিব বুলি উপবন্ধ কৰা কোনো বিধিৰ প্ৰবৰ্তনত এই অনুচ্ছেদৰ কোনো কথাই প্ৰভাব নেপেলাব। অস্পৃশ্যতাৰ বিলোপন। ১৭ 'অস্পৃশ্যতা' বিলোপ কৰা হ'ল আৰু যি কোনো ৰূপতে ইয়াৰ আচৰণ নিষিদ্ধ কৰা হ'ল। অস্পৃশ্যতাৰ পৰা উদ্ভূত যিকোনো নিৰ্যোগ্যতাৰ প্ৰয়োগ বিধিমতে দণ্ডনীয় অপৰাধ হ'ব। খিতাপ বিলোপন। ১৮ (১) সৈনিক বা বিদ্যা সম্বন্ধীয় উপাধিৰ বাহিৰে ৰাজ্যই কোনো খিতাপ প্ৰদান নকৰিব। (২) কোনো বিদেশী ৰাজ্যৰ পৰা ভাৰতৰ কোনো নাগৰিকে কোনো খিতাপ গ্ৰহণ নকৰিব। (৩) ভাৰতৰ নাগৰিক নোহোবা কোনো ব্যক্তিয়ে ৰাজ্যৰ অধীনত লাভ বা বিশ্বাসৰ কোনো পদ ধাৰণ কৰি থাকোতে ৰাষ্ট্ৰপতিৰ সন্মতি বিনা কোনো বিদেশী ৰাজ্যৰ পৰা কোনো খিতাপ গ্ৰহণ নকৰিব। (৪) ৰাজ্যৰ অধীনত লাভ বা বিশ্বাসৰ পদ ধাৰণ কৰি থকা কোনো বাক্তিয়ে ৰাষ্ট্ৰপতিৰ সন্মতি বিনা কোনো বিদেশী ৰাজ্যৰ পৰা বা তদধীনত কোনো উপহাৰ, উপলব্ধি বা যিকোনো ধৰণৰ পদ গ্ৰহণ কৰিব নোৱাৰিব। ১ সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ধাৰা ৰ দ্বাৰা অন্তঃ স্থাপিত। ২ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ৩। সংবিধান (সপ্তসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯৫ৰ দ্বাৰা অন্তঃস্থাপিত।