পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় ভাগ মৌলিক অধিকাৰসমূহ সাধাৰণ ১২৷ এই ভাগত প্ৰসংগক্ৰমে আন অৰ্থ অপেক্ষিত নহলে, “ৰাজ্য” শবদই ভাৰত চৰকাৰ পৰিভাষা। আৰু সংসদ আৰু ৰাজ্য সমূহৰ প্ৰতিখনৰ চৰকাৰ আৰু বিধানমণ্ডল আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত অথবা ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণাধীন সকলোবোৰ স্থানীয় বা অন্য প্ৰাধিকাৰীক বুজাব। ১৩ (১) এই সংবিধানৰ প্ৰাৰণিৰ অব্যবহিত পূৰ্বে ভাৰতৰ ৰাজ্যক্ষেত্ৰত বলবৎ হৈ থকা মৌলিক সকলো বিধি যিমানখিনিলৈকে এই ভাগৰ উপবন্ধাবলীৰ লগত অসংগত হয়, সিমানখিনিলৈকে অধিকাৰসমূহৰ বাতিল হব। লগত অসংগত বা অল্পীকাৰক (২) ৰাজ্যই এই ভাগে প্ৰদান কৰা অধিকাৰ বিলাক হৰণ কৰা বা নূন কৰা কোনো বিধি প্ৰণয়ন কৰিব নোৱাৰিব আৰ এই খণ্ড উলংঘা কৰি প্ৰণয়ন কৰা যিকোনো বিধি সেই বিধি। উলংঘনৰ বিস্তৃতি পৰ্যন্ত বাতিল হব। . (৩) প্ৰসংগক্ৰমে আন অৰ্থ অপেক্ষিত নহলে এই অনুচ্ছেদ- (ক), 'বিধি' বুলিলে যিকোনো অধ্যাদেশ, আদেশ, উপবিধি, নিয়ম, বিনিয়ম, অধিসূচনা আৰু ভাৰতৰ ৰাজ্যক্ষেত্ৰত বিধিৰ থকা দস্তুৰ বা প্ৰথাও: ইয়াৰ অন্তৰ্গত হব; (খ) “বলবৎ বিধিয়ে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনো বিধানমণ্ডল, বা আন ক্ষমতাযুক্ত প্ৰাধিকাৰীৰ দ্বাৰা পাৰিত, প্ৰণীত আৰু ইতিপূৰ্বে নিৰসিত নোহোৱা সকলো বিধিক অন্তৰ্গত কৰিব, --- যদিওবা সেই সময়ত কোনো বিধি বা তাৰ কোনো ভাগ পূৰ্ণতঃ বা কোনো ক্ষেত্ৰবিশেষত প্ৰবৰ্তিত নেথাকিবও পাৰে। 4 ১৪) এই অনুচ্ছেদৰ কোনো কথাই অনুচ্ছেদ ৩৬৮ৰ অধীনত কৰা হোৱা এই সংবিধানৰ কোনো সংশোধনীৰ ক্ষেত্ৰত প্ৰয়োগ নহব।] সমতাৰ অধিকাৰ ১৪৷ ৰাজাই ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত কোনো ব্যক্তিকে বিধিৰ আগত সমতাৰ পৰা বা বিধিৰ আগত বিধিৰ সমান সংৰক্ষণৰ পৰা বঞ্চিত নকৰিব। সমতা। ১৫ (১) ৰাজ্যই কেবল ধৰ্ম, জাতি, বৰ্ণ, লিংগ, জন্মস্থান বা ইয়াৰ যেই সেই এটাৰ হেতুত ধৰ্ম, জাতি, বৰ্ণ, কোনো নাগৰিকৰ বিৰুদ্ধে বিভেদ সৃষ্টি কৰিব নোবাৰিব। লিংগ বা জন্মস্থানৰ হেতুত (২) কেবল ধৰ্ম, জাতি, বৰ্ণ, লিংগ, জন্মস্থান বা ইয়াৰ যেই সেই এটাৰ হেতুত বিভেদকৰণ কোনো নাগৰিকেই নিষেধ। (ক) দোকান, সাৰ্বজনিক ভোজনালয়, হোটেল আৰু যিকোনো ৰাজহুৱা আমোদ- প্ৰমোদৰ স্থানত প্ৰবেশৰ, কিম্বা (খ) ৰাজ্য নিধিৰ পৰা পূৰাকৈ বা আংশিক ভাবে প্ৰতিপালন কৰা অথবা জনসাধাৰণৰ ব্যবহাৰৰ কাৰণে উছৰ্গা কৰা কুঁৱা, পুখুৰী, গাধোবা ঘাট, পথ, জনসমাগমৰ স্থান সমূহৰ ব্যবহাৰৰ সম্পৰ্কত, কোনো নিৰ্যোগতা, দায়িত্ব, নিৰ্বন্ধন বা চৰ্ত্তৰ অধীন নহব। ১ সংবিধান (চতুৰ্বিংশ সংশোধন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ২ৰ দ্বাৰা প্ৰতিষ্ঠাপিত (৫-১১-৭১ তাংৰ পৰ।